দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাত আৰক্ষীয়ে সোমবাৰে এগৰাকী যুৱতীক নিজৰ ‘প্ৰেমিক’ৰ ডিঙি কাটি হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (Girl Arrest For Allegedly Trying To Kill Her ‘Boyfriend’ By Slitting His Throat)। মঙলবাৰে আৰক্ষীয়ে যুৱতীগৰাকীক আদালতত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ (Judicial Custody) প্ৰেৰণ কৰে।
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ঘটনাটো শিলচৰৰ পৰা ৪৯ কিলোমিটাৰ দূৰৰ কৰিমগঞ্জ বাইপাছ ৰোডত (Karimganj) সংঘটিত হয়। আক্ৰমণৰ পিছত যুৱকজনে চিঞৰিবলৈ আৰম্ভ কৰিছিল যাৰ পিছত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক কৰিমগঞ্জ চিভিল হাস্পতাললৈ লৈ যায় (Karimganj Civil Hospital), কিন্তু যুৱকজনৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটা দেখি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (Silchar Medical College And Hospital) প্ৰেৰণ কৰা হয়।
ইপিনে, এই ঘটনাৰ পাছতে ৰাজেশ বিশ্বাস নামৰ লোকজনৰ পিতৃয়ে কৰিমগঞ্জ সদৰ আৰক্ষী (Karimganj Sadar Police) চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।স্থানীয় লোকে প্ৰকাশ কৰা মতে, বিবাহিত ৰাজেশ বিশ্বাস নামৰ লোকজনৰ আৰু যুৱতীগৰাকীৰ মাজত সম্পৰ্ক আছিল, কিন্তু লোকজনে নিজৰ বৈবাহিক জীৱনৰ বিষয়ে যুৱতাগৰাকীৰ পৰা লুকুৱাই ৰাখিছিল। পৰৱৰ্তী সময়ত যুৱতী গৰাকীয়ে এই কথা জানিব পাৰিয়ে ৰাজেশ বিশ্বাসক চোঁকা অস্ত্ৰৰে ডিঙি কাটি হত্যাৰ চেষ্টা কৰে।
Photo: Khatang Khobor
Discussion about this post