একেদিনাই দুটাকৈ কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। পৃথক পৃথক স্থানত আত্মহত্যা এগৰাকী যুৱতীৰ আৰু এজন যুৱকৰ (Suicide Case)। চিপ লৈ আত্মহত্যা দুয়োগৰাকীৰে (Boy And Girl Suicide)।
কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) অন্তৰ্গত তিতাপানী গাঁৱৰ জুৰাণ আলীৰ পুত্ৰ ওৱাজেদ আলী (২১)য়ে শুকুৰবাৰে নিশা নিজৰ শুৱনি কোঠাত চীপ লগাই আত্মহত্যা (Suicide) কৰে। ই-ৰিক্সা মেৰামতিৰ কাম কৰি জীৱন নিৰ্বাহ কৰা ওৱাজেদ আলীৰ আত্মহত্যাৰ কাৰণ পৰিয়ালৰ লোকেই জানিবলৈ পৰা নাই।
আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা ওৱাজেদ আলীৰ বিয়াৰ বাবে আজি কইনা চাবলৈ যোৱাৰ কথা আছিল বুলি আত্মীয়ৰ পৰা জানিব পৰা গৈছে ৷ আত্মহত্যাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণত এই পথ বাচি লোৱা বুলি স্থানীয় লোকে ধাৰণা কৰিছে ৷ ইফালে যুৱকজনৰ মৃত্য়ুৰ পিছতে কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত।
ঘটনাস্থলীত বৰভিঠা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ৷
আনহাতে, এগৰাকী ১৯ বছৰীয়া যুৱতীৰ আত্মহত্যাক লৈ বৰঘূলিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। কলিয়াবৰ (Kaliabar) বৰঘূলিত (Barghuli) সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা (Tragic Incident)। এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা (Suicide)। যুৱতীগৰাকী এক নং বৰঘূলিৰ উমৰ আলীৰ কন্যা নুৰেছা খাতুন বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই যদিও প্ৰেমজনিত কাৰণতেই আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে তদন্তৰ পিছতহে পোহৰলৈ আহিব আত্মহত্যাৰ প্ৰকৃত ৰহস্য। ঘটনাস্থলীত চুলুং আৰক্ষী (Sulung police) উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।
Photo & Input: জেহেৰুল ইছলাম আৰু অনুপ বৰা
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-youth-died-for-electrocute-at-barpeta-in-assam/10004/
Discussion about this post