এজন প্ৰাক্তন ভাৰতীয় সৈনিকৰ নিষ্ঠুৰতা আৰু লজ্জাজনক কাণ্ডই সমাজ ব্যৱস্থাক বাৰুকৈয়ে লজ্জিত কৰিছে। নাৰী তুমি অনন্য। তুমিয়েই সৃষ্টি আৰু তুমিয়েই ধ্বংসৰ মূল গৰাকী। কিন্তু বৰ্তমানেও একাংশ লম্পট পুৰুষৰ বাবে নাৰী হৈ আছে ভোগৰ সামগ্ৰী। এনে এক কৰুণ ঘটনা সংঘটিত হৈছে নগাঁও (Nagaon Tragic Incident) জিলাৰ জুৰীয়াৰ (Juria) ফাকুলি পথাৰ গাঁৱত।
ঘটনাৰ বিৱৰণী মতে, ফাকুলি পথাৰ গাঁৱৰ ছাবিনা ইয়াছমিন নামৰ এগৰাকী যুৱতীৰ সৈতে ১২ বছৰ আগতেই ধিং আৰক্ষী থানাৰ অন্তৰ্গত ধূপাগুৰী পথাৰৰ গাজিবুৰ ৰহমান নামৰ এজন লোকৰ সৈতে বিবাহ হৈছিল। গাজিবুৰ ৰহমান এজন প্ৰাক্তন ভাৰতীয় সৈনিক।
জানিব পৰা মতে, ছাবিনা ইয়াছমিনে দুটি কন্যা সন্তান জন্ম দিয়াৰ বাবেই লম্পট স্বামী গাজিবুৰ ৰহমানে চাৰি বছৰ আগতেই পত্নী ছাবিনা ইয়াছমিনৰ লগত সম্পৰ্ক বিছিন্ন কৰি আকৌ অন্য এগৰাকী যুৱতীক বিয়া পাতিছে।
অসহায় ছাবিনা ইয়াছমিনে লম্পট স্বামীৰ বিৰুদ্ধে তেতিয়াই ধিং আৰক্ষী থানাত (Dhing Police) গোচৰ ৰুজু কৰি দুবছৰীয়া আৰু সাত মহীয়া কন্যা সন্তানক লগত লৈ দিনৰ পাছত দিন ধৰি ন্যায়াৰ আশাত মাতৃ গৃহতেই আশ্ৰয় লৈ আহিছে।
অপৰাধ নেকি কন্যা সন্তান জন্ম দিয়াটো? কি ভুল আছিল এই নিষ্পাপ শিশু দুটিৰ? কন্যা সন্তান হৈ জন্ম লোৱাটো ভুল আছিল নেকি কণমানি দুটিৰ? বৰ্তমান পিতৃৰ মৰম-চেনেহৰ পৰা বঞ্চিত হৈ এই শিশু দুটিয়ে দেউতা-দেউতা বুলি কান্দি কান্দি চকুৰে বাট বিচাৰি নোপোৱা অৱস্থা হৈ পৰিছে।
উপায়বিহীন মাতৃয়ে দুই কণমানি সন্তানক বুকুত সাৱটি লৈ আজি সংবাদ মাধ্যমৰ আগত নিজৰ ন্যায়ৰ লগতে এই শিশু দুটিৰ ভৱিষ্যতৰ দায়িত্ব কোনে গ্ৰহণ কৰিব এই প্ৰশ্ন উখাপন কৰিছে নগাঁও জিলা আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ ওচৰত।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/chapar-brave-boy-in-assam-throwing-burn-cylinder/6378/
Discussion about this post