চাকৰিৰ পৰা নিলম্বন (Suspend) কৰা হ’ল বনদস্যু অৰূপ বৈশ্যক। ৰঙিয়া DFOই এখন প্ৰত্ৰযোগে জনাইছে এই কথা। উল্লেখ্য বুধবাৰে বন বিষয়াৰ ঘৰত উদ্ধাৰ হৈছিল কেঁকো সাপ, কাছৰ খোলা, চোৰাং চিকাৰৰ সামগ্ৰী জীৱ-জন্তুৰ ছাল, অংগ-পতংগ, বন্দুক, গুলি। দক্ষিণ কামৰূপৰ কুলচিত কৰ্মৰত কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰৰ বাসগৃহত বন বিভাগে অভিযান চলাই জব্দ কৰিছিল এই সামগ্রী।
বুধবাৰে কামৰূপৰ বংশৰৰ বৰবাৰী পাহাৰৰ এই কুখ্যাত বন বিষয়া (Forest Officer) অৰূপ বৈশ্যৰ ঘৰত চলিছিল বন বিষয়া সংগীতাৰাণী সিংহাৰ নেতৃত্বত অভিযান। এই অভিযানত উন্মোচিত হৈছিল কি দৰে কুখ্যাত বন বিষয়া অৰূপ বৈশ্যই বন্য প্ৰাণী চোৰাং চিকাৰ আৰু বন্য প্ৰাণী অংগৰ বৃহৎ ব্যৱসায়ৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে।
অভিযান কালত অৰূপৰ গৃহত প্ৰৱেশ কৰাৰ পিছতে হতবাক হৈ পৰিছিল বন বিভাগৰ (Forest Department) দলটো। দীৰ্ঘদিনে অৰূপে হৰিণ, কেটেলা পহু, অন্য জীৱ জন্তু চিকাৰ কৰি আহিছে! কেঁকো সাপৰ কলা সাম্ৰাজ্যৰ সৈতে জড়িত এই বন বিষয়া অৰূপ বৈশ্য!
বন্য প্ৰাণীৰ অংগৰ চোৰাং চক্ৰৰ সৈতেও জড়িত থকাৰ প্ৰকাশ কৰা হৈছে! পূৰ্বেও ৰাজপথত বালি ট্ৰাকৰ পৰা ধন লৈ হাতে লোটে ধৰা পৰাৰ পিছত নিলম্বন কৰা হৈছিল বন বিষয়া কুখ্যাত অৰুপ বৈশ্যক।
Photo & Input: Biki Medhi




























Discussion about this post