জাতিৰ পিতা মহাত্মা গান্ধীক হত্যাকাৰী আখ্যাকে ধৰি কেতবোৰ বিস্ফোৰক তথা বহু বিতৰ্কিত মন্তব্য কৰিছিল হিন্দু বীৰ সেনাৰ নেতাজনে (Hindu veer Sena)।
হিন্দু বীৰ সেনা অসমৰ এগৰাকী নেতাই কৰা এনে বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে নগাঁও (Nagaon) সদৰ আৰক্ষী থানাত আজি এক এজাহাৰ দাখিল কৰা হয়। হিন্দু বীৰ সেনাৰ নেতা আংচ কাইদ পাঠকৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি ফকৰ উদ্দিন আহমেদে।
আহমেদে দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, হিন্দু বীৰ সেনাৰ নেতা আংচ কাইদ পাঠকে ২৩ আগষ্টত সামাজিক মাধ্যমত ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা তথা জাতিৰ পিতা মহাত্মা গান্ধীক হত্যাকাৰী আখ্যা দিছিল।
আনকি, ভাৰতবৰ্ষৰ পৱিত্ৰ সংবিধানখন ইংৰাজে লিখা বুলি কৈ নেতাগৰাকীয়ে সংবিধানখন দলিয়াই দিব লাগে বুলি বিতৰ্কিত মন্তব্য কৰে। অকল ইমানেই নহয় দেশৰ ৰাষ্ট্ৰীয় সংগীতটো সলনি কৰিব লাগে বুলি আন এক গুৰুতৰ অপৰাধজনিত মন্তব্য কৰি পাঠকে এয়া ইংৰাজৰ জয়গান বুলি মন্তব্য কৰিছিল।
তদুপৰি তেওঁ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক লাভ জেহাদৰ নায়ক বুলিও বিস্ফোৰক মন্তব্য কৰে। এনে বিতৰ্কিত মন্তব্যৰে হিন্দু বীৰ সেনা নেতাগৰাকীয়ে ভাৰতবাসীক বিশ্বৰ বুকুত লজ্জিত কৰাৰ লগতে ৰাষ্ট্ৰদ্ৰোহীতাৰ কাম কৰিছে বুলি এজাহাৰকাৰী ফকৰ উদ্দিন আহমেদে।
সেয়ে পাঠকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় আহমেদে। বৰ্তমান উক্ত বিতৰ্কত যুৱকজনৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগত থকা একাংশ ফটো ভাইৰেল হৈ আছে সামাজিক মাধ্যমত।
গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post