গোলাঘাটৰ (Golaghat) ৰঙাজানৰ (Rongajan) ৩নং ৱাৰ্ডত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সুৰামত্ত পিতৃয়ে ব্লেডেৰে কাণ কাটিলে ১০ বছৰীয়া পুত্ৰৰ (Father Cutting Off Son’s Ear)। এই ঘটনাটোৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত।
নিশাৰ পৰাই সুৰাপান কৰি খয়া টুডু নামৰ পাষান পিতৃয়ে পুত্ৰ শংকৰ টুডুক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু পুৱা পুত্ৰ ঘৰতে বহি থকা অৱস্থাতে পিতৃয়ে ধৰি ব্লেডেৰে নিৰ্মমভাবে সোফালৰ কাণখন কাটি পেলায়।
তাৰ পিছতে বিষত চিঞৰি থকা ১০ বছৰীয়া শংকৰক গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈত ভৰ্তি কৰোৱা হয়। ইফালে এই ঘটনাৰ পিছত শংকৰৰ মাতৃ আৰু স্থানীয় একাংশই নিষ্ঠুৰ পিতৃ খয়া টুডুক ধৰিবলৈ চেষ্টা চলায় যদিও খয়াই তেওঁলোককো আক্ৰমণৰ লক্ষ্য কৰি লয়।
Photo: Khatang Khobor





























Discussion about this post