লখিমপুৰ (Lakhimpur) জিলাৰ বঙালমৰাৰ কুখ্যাত নকল সোণ আৰু জাল নোটৰ মাষ্টাৰমাইণ্ড (MasterMind) মিজানুৰ ৰহমানক গ্ৰেপ্তাৰ (Arrest) লালুক আৰক্ষীৰ। মাষ্টাৰমাইণ্ড মিজু ওৰফে মিজানুৰ ৰহমান।
দীৰ্ঘদিনে নকল সোণ আৰু নকল টকাৰে ঠগ প্ৰৱঞ্চনা কৰা মিজানুৰ ৰহমান ওৰফে মিজুক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ লালুক আৰক্ষীয়ে ৷
লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৰুজ দলেৰ নেতৃত্বত বিহপুৰীয়াত গ্ৰেপ্তাৰ কৰে মিজুৰ লগতে চাইদুল ইছলাম নামৰ অন্য এটা প্ৰৱঞ্চকক ৷
উল্লেখযোগ্য যে দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোণ আৰু নকল টকাৰ বেহা ৷
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ বহু লোকক ঠগিছিল এইজন মিজুয়ে ৷ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে আৰক্ষীৰ লগত সু-সম্পৰ্ক আছিল মিজুৰ ৷
সকলোৰে সন্দেহ একাংশ সুবিধাবাদী আৰক্ষীয়েও ভাগ লৈছিল ঠগ-প্ৰৱঞ্চনাৰ ধনৰ।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post