অবৈধ সম্পৰ্কৰ (Extramarital affair) কৰুণ পৰিণতি। পত্নীৰ অবৈধ প্ৰেম হাতে লোটে ধৰা পেলালে স্বামীয়ে। বিবাহৰ মাত্ৰ দুটা মাহৰ পিছতে স্বামীক এৰি এৰি প্ৰেমিকৰ সৈতে নৈশ যাপন কৰা পত্নীক অৱশেষত হোটেলত হাতে-লোটে ধৰা পেলালে স্বামীয়ে।
গুৱাহাটীৰ (Guwahati) এখন Oyo হোটেলত নৈশ যাপন কৰাৰ পিছত ধৰা পেলালে স্বামীয়ে । মৰিগাঁও মৈৰাবাৰীৰ এজন বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিছিল ধৃত ফৰিদ উদ্দীন আহমেদ নামৰ যুৱকে।
Video:
ইফালে ধৰা পৰাৰ পিছত পত্নীয়ে লাজে-ভয়ে সাংবাদিকৰ সন্মুখত ক’লে এইদৰে- ‘মই এইটোৱে বিচাৰো, ইহঁতে যাতে মোক ক্ষমা কৰি দিয়ে। আনহাতে প্ৰেমিকে ক’লে- ‘আগতে ভাল পোৱা আছিল, এতিয়াও তেনেকুৱাই। লগতে প্ৰেমিকক সাংবাদিকে সুধিলে- বিয়া পাতিবি নে? প্ৰেমিকে ক’লে নাপাতো।
মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালে গুৱাহাটীৰ জয় ৰাম মেধি পথত থকা এইখন OYO হোটেলত আজি পুৱাতেই ধৰিলে মহিলাগৰাকীসহ লোকজনক। ধৃত ফৰিদ উদ্দীন আহমেদৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ। স্বামীৰ অজ্ঞাতে মৈৰাবাৰীৰ পৰা আহি হোটেল খনত নিশা কটাইছিল মহিলাগৰাকীয়ে। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হয় আৰু স্বামীৰ গোচৰৰ ভিত্তিত আটক কৰে প্ৰেমিক-প্ৰেমিকাক।
Photo: Khatang Khobor




























Discussion about this post