তিনি সন্তানৰ মাতৃক পলুৱাই নিলে দুই সন্তানৰ পিতৃয়ে। এই অবৈধ প্ৰেমৰ (Extramarital Affair) ঘটনা সংঘটিত হৈছে লখিমপুৰৰ (Lakhimpur) লীলাবাৰী বালিজান এন চি গাঁৱত (Lilabari Balijan NC Village)।
লখিমপুৰ জিলাৰ (Lakhimpur District) লীলাবাৰী বালিজান এন চি গাঁৱৰ নিবাসী ৰাজু আলী নামৰ প্ৰায় ৪০ বছৰীয়া দুই সন্তানৰ পিতৃয়ে একে গাঁৱৰে তিনি সন্তানৰ মাতৃ মনী বেগম নামৰ বোৱাৰী এগৰাকীক পলুৱাই নিয়াক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে লীলাবাৰী আৰক্ষী (Lilabari Police) চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে।
ঘটনাটো জানিবলৈ দিয়া অনুসৰি ৰাজু আলীয়ে চৰকাৰী আবাস গৃহৰ প্ৰায় ৫০ হাজাৰ টকা লগত লৈ বিবাহিত প্ৰেমিকাক পলুৱাই লৈ যায়। ইফালে প্ৰেমিকা মনী বেগমে ৰুগীয়া স্বামীৰ চিকিৎসাৰ বাবদ মাটি বিক্ৰী কৰা ডেৰ লাখ টকা লগত লৈ যায়। এই অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ স্বামীয়ে।
Photo & Input: পুৰন্দৰ গগৈ
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/singer-zubeen-garg-on-education-system-at-chandrapur-in-assam/11443/
Discussion about this post