হাৰিয়ানাৰ (Haryana) মহেন্দ্ৰগড় জিলাৰ (Mahendragarh) খান্দ আটেলীত এজন লোকে তেওঁৰ পত্নীক পৰপুৰুষৰ সৈতে শুই থকা দেখি খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু দুয়োগৰাকীকে কুঠাৰেৰে কাটি পেলাইছিল (Wife And Lover Killed By Husband With Axe)। মৃত দুয়োগৰাকী মধ্য প্ৰদেশৰ (Madhyapradesh) বাসিন্দা আছিল আৰু তাত প্ৰবাসী শ্ৰমিক হিচাপে কাম কৰি আছিল। ঘটনাস্থলীত চিঞৰ-বাখৰ শুনি ওচৰৰ লোকসকলে ঘটনাটোৰ বিষয়ে এম্বুলেঞ্চ আৰু আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত এম্বুলেঞ্চে মৃত দুয়োগৰাকীকে চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকসকলে তেওঁলোক দুয়োকে মৃত বুলি ঘোষণা কৰিছিল। ডাবল মাৰ্ডাৰৰ (Double Murder) কথা জানিবলৈ পাই এছপি বিক্ৰান্ত ভূষণ, DSP কানিনা ৰণবীৰ সিং আৰু SHO সন্তোষ কুমাৰে ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীয়ে অভিযুক্ত অখিলেশক আটেলীৰ পৰাই গ্ৰেপ্তাৰ (Arrest) কৰিছে আৰু তথ্যৰ ভিত্তিত এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে।
ষ্টেচন হাউচ অফিচাৰ সন্তোষ কুমাৰে কৈছিল যে নিশা প্ৰায় ১০:৩০ বজাত তেওঁ তথ্য পাইছিল যে আটেলীত নিৰ্মিত ৰে’লৱে কোৱাৰ্টাৰত এটা ঘটনা সংঘটিত হৈছিল। যেতিয়া তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈছিল, তেওঁলোকে দেখিলে যে এজন স্বামীয়ে অবৈধ সম্পৰ্কৰ (Extra Marital Affair) আশংকাত তেওঁৰ পত্নী আৰু তাইৰ প্ৰেমিকক কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল।
মৃতকৰ পৰিচয় গোবিন্দ আৰু সুনীতা বুলি চিনাক্ত কৰা হৈছে। কোৱা হৈছে যে গোবিন্দ বিবাহিত আছিল আৰু দুটা সন্তান আছে। আনহাতে সুনীতা আৰু অখিলেশৰ কোনো সন্তান নাছিল। কোৱা হৈছে যে গোবিন্দৰ অখিলেশৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক আছিল। অখিলেশে গোবিন্দক তেওঁৰ পত্নীৰ সৈতে কোৱাৰ্টাৰত দেখিছিল, যাৰ বাবে অখিলেশে প্ৰথমে গোবিন্দৰ মূৰত আঘাত কৰিছিল আৰু পিছত তেওঁৰ পত্নীৰ মূৰত কুঠাৰেৰে ঘপিয়াইছিল।
Photo: Google
Discussion about this post