বৰপেটাৰ (Barpeta) কলগাছিয়াত (Kalgachia) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Horrific Incident)। মহিলাক মাৰপিট কৰি যৌনাংগত ভোট জলকীয়াৰ গুৰি সানি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Husband Puts Chilli Powder On Wife’s Private Parts)। পৰকীয়া প্ৰেমৰ (Extra Marital Affair) পৰিণতি বুলি অভিযোগ উত্থাপন হৈছে।
অবৈধ সম্পৰ্কত লিপ্ত থকা পত্নীক স্বামীয়ে মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ গুৰুতৰ অভিযোগ। কলগাছিয়া আৰক্ষী (Kalgachia Police) থানাৰ অন্তৰ্গত বিলৰটাৰীত আজি সংঘটিত হোৱা এই ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিলৰটাৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ আৰু একে গাঁৱৰে এটা সন্তানৰ পিতৃ মহম্মদ আলীৰ লগত আছিল দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেম। আজি মহম্মদৰ পত্নী ঘৰত নথকাৰ সুযোগত মহম্মদ আলীৰ ঘৰত প্ৰৱেশ কৰি লিপ্ত হয় অবৈধ শাৰীৰিক সম্পৰ্কত।
খবৰ পাই মহম্মদৰ পত্নী ঘৰত উপস্থিত হৈ মহিলাগৰাকীৰ স্বামীসহ ওচৰ চুবুৰীয়াৰ সহযোগত পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলাগৰাকীক মাৰপিট কৰাৰ লগতে যৌনাংগত ভোট জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে (Kalgachia Police) পৰকীয়া প্ৰেমত (Extra Marital Affair) লিপ্ত অচেতন অৱস্থাত থকা মহিলাগৰাকীৰ লগতে মহম্মদ আলীকো থানালৈ লৈ যায়। কলগাছিয়াৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব।
Photo & Input: ৰবিউল ইছলাম
Published By: Dulu Medhi
Discussion about this post