পাকিস্তানত সন্ত্ৰাসবাদী হাফিজ ছায়েদৰ এলেকাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণত কেইবাজনো লোকে আহত হোৱাৰ খবৰ জানিবলৈ পোৱা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, বিস্ফোৰণ জোহৰ টাউন এলেকাত সংঘটিত হয়।
সেই অঞ্চলটোতে জমাত-উট-দাবা চীফ আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছায়েদে বাস কৰে। জানিবলৈ দিয়া অনুসৰি, বিস্ফোৰণত ২জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১৫জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।
মৃত লোককেইজনৰ ভিতৰত আছে শিশু আৰু মহিলাও
জানিবলৈ দিয়া অনুসৰি, বিস্ফোৰণৰ পিছত উদ্ধাৰ অভিযান অব্যাহত আৰু আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বিস্ফোৰণৰ কাৰণ টাৰগেট বিস্ফোৰণ বা চিলিণ্ডাৰ বিস্ফোৰণ বুলিও জানিব পৰা গৈছে।
Photo: Google





























Discussion about this post