দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Directorate of Vigilance & Anti-Corruption)। এইবাৰ ঘোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা (Executive Engineer (Irrigation) Dudhnoi East Division)। ৫০ হাজাৰ টকা ঘোচ (While Accepting 50,000 Bribe) ল’ব উলাওতে গ্ৰেপ্তাৰ (Arrest) হ’ল কাৰ্যবাহী অভিযন্তা আকবৰ আলী (Akbar Ali)।
জলসিঞ্চন বিভাগৰ (Irrigation) দুধনৈ পূব বিভাগত নিয়োজিত আছিল কাৰ্যবাহী অভিযন্তাজন। ঠিকাদাৰৰ পৰা ধন লৈ গ্ৰেপ্তাৰ হৈছে আকবৰ আলী। ঠিকাদাৰজনক ৫ লাখ টকাৰ ধন দাবী কৰিছিল আকবৰ আলীয়ে। ইয়াৰে ৫০ হাজাৰ টকা লোৱাৰ অৱস্থাতে গ্ৰেপ্তাৰ হয় অভিযন্তাগৰাকী।
Akbar Ali, Executive Engineer (Irrigation)Dudhnoi East Division, Goalpara & co-accd Sri Jagadish Rabha, Head Assistant, both apprehended red handed in a trap by @DIR_VAC_ASSAM while accepting INR 50,000 for flood damage renovation. @assampolice @CMOfficeAssam pic.twitter.com/YZ2chBbmIW
— GP Singh (@gpsinghips) May 20, 2022
তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক। লগতে মুখ্য সহায়ক জগদীশ ৰাভাও পৰিছে (Sri Jagadish Rabha, Head Assistant) তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ জালত।
Photo: Twitter
Discussion about this post