লখিমপুৰত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। দুদিন পূৰ্বে নাওবৈছাত ATM চুৰিৰ ঘটনাত জড়িত আছিল ডকাইতটো। পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাব লওতেই গুলীচালনা।
ATM চুৰিকে ধৰি বহু অপৰাধত জড়িত আছিল ডকাইত ৰাকেশ পেগু। লখিমপুৰৰ আমতলাত নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা। আহত ৰাকেশ পেগুক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
অসমকে ধৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন থানাত গোচৰ ৰুজু হৈ আছিল ডকাইতটোৰ বিৰুদ্ধে। বান্দৰদেৱা আৰক্ষীয়েও পূৰ্বে দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইত ৰাকেশ পেগুক।
Photo & Input: ভবেন ফুকন
Discussion about this post