নগাঁৱত (Nagaon) পুনৰ এনকাউণ্টাৰ (Encounter)। নগাঁৱৰ কুখ্যাত অপৰাধীক ইফুক গ্ৰেপ্তাৰ আনন্দ মিশ্ৰ বাহীনিৰ (Anand Mishra)। নগাঁৱত (Nagaon) দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি অহা আব্দুল বাছেদ উৰফে ইফুক অৱশেষত গ্ৰেপ্তাৰ (Arrest) কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে (Nagaon Police)। নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলে নগাঁও চহৰৰ আজাদ নগৰত অভিযান চলাই ইফুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
প্ৰথম অৱস্থাত আৰক্ষীৰ অভিযানকাৰী দলটোক দেখি ইফুৱে পলাবলৈ চেষ্টা চলায় যদিও আৰক্ষীয়ে ভৰিত গুলীচালনা (Firing) কৰি ইফুক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে নগাঁৱৰ ড্ৰাগছ সম্ৰাট হিচাপে পৰিচিত ইফু ওৰফে আব্দুল বাছেদ জিলা খনৰ বিভিন্ন ঠাইৰ হত্যা, অপহৰণ, ধন দাবী আদি বহু অপৰাধজনিত গোচৰত অভিযুক্ত।
ইফুৱে নগাঁও চহৰত ব্যৱসায়ীসকলৰ পৰা দীৰ্ঘদিন ধৰি অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ উপৰিও বহিঃৰাজ্যৰ পৰা অহা মাল ট্ৰাক সমূহৰ পৰাও ধন সংগ্ৰহ কৰি আহিছে। কিছু বছৰৰ পূৰ্বে নগাঁও চহৰৰ বৰবজাৰৰ খান ইলেক্ট্ৰনিকৰ স্বত্বাধিকাৰীক দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ইফুৱে।
প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ বাসগৃহত আক্ৰমণ কৰাৰ ইফুৰ বিৰুদ্ধে গোচৰো ৰুজু হৈ আছে নগাঁও সদৰ আৰক্ষী থানাত (Nagaon Sadar Police)। পূৰ্বেও বহুবাৰ জেল হাজোতলৈ গৈছে ইফু কিন্তু জামিনত মুক্তি লাভ কৰি ৰাজনৈতিক ব্যক্তিৰ আশীৰ্বাদত পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰে ইফুৱে।
অভিযানৰ সময়ত আৰক্ষীয়ে ইফুৰ আন ৭টা সহযোগীক গ্ৰেপ্তাৰ (Arrest) কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী কেইটা ক্ৰমে – কবিৰ হুছেইন, ৱাজেদ আলী, সঞ্জু ৰহমান, ফিৰোজ আলী, মিহিৰ দে, সঞ্জয় দেৱ আৰু দিগন্ত বৰগোহাঁই।
অভিযানৰ সময়ত আৰক্ষীয়ে ইফুৰ পৰা হেৰ’ইনৰ ৭টা কণ্টেইনাৰ, ২৬ বটল কফ চিৰাপ, গাঞ্জা আৰু নগদ ৬ হাজাৰ টকা জব্দ কৰিছে।
Photo & Input: khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/liquor-price-hike-from-10-december-in-assam/5036/
Discussion about this post