পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police Encounter)। আৰক্ষীৰ গুলীত (Police Firing) আহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ (Injured Poacher) সৈতে জড়িত থকা বিশ্বনাথৰ চগুৰি নিবাসী নবীৰ হুছেইন (৩২)। ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হৈছিল খড়্গবিহীন এটা গঁড়ৰ মৃতদেহ।
আহত চোৰাং চিকাৰী-
আহত আৰক্ষী-
ইয়াৰ পিছতে বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই গঁড় হত্যাৰ অভিযোগত নবিৰ হুছেইন নামৰ এটা চোৰাং চিকাৰীটোক আটক (Detain) কৰিছিল। সোধা-পোছাৰ অন্তত মঙলবাৰে সন্ধিয়াৰ ভাগত গঁড় হত্যাস্থলীলৈ লৈ যোৱা হৈছিল চোৰাং চিকাৰীটোক। কিন্তু সেই সময়তে কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰ এলেকাত বোকাখাত থানাৰ (Bokakhat Thana) OC বিতোপন চেতিয়াৰ ৰিভলভাৰ কাঢ়ি পলাবলৈ চেষ্টা কৰে। যাৰ ফলত চোৰাং চিকাৰীটোৰ ভৰিত আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয়। আৰক্ষীয়ে কৰা ৩ জাঁই গুলীত গুৰুতৰভাৱে আহত হয় চোৰাং চিকাৰীটো।
ইফালে এই ঘটনাত আহত হয় দিব্যজ্যোতি হাজৰিকা নামৰ এজন আৰক্ষীৰ লোক। আহত দুয়োজনকে কঁহৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ (JMCH) প্ৰেৰণ কৰে।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/national-flag-hoisting-in-assam/6283/
Discussion about this post