বটদ্ৰৱাত (Batadrava) হোমগাৰ্ডৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল ১০ জাঁই সজীৱ গুলী আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ্ (Drugs Seized)। বটদ্ৰৱা আৰক্ষীৰ (Batadrava Police) ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ধনীয়াভেটিৰ চৌৰাপাৰাৰ পৰা উদ্ধাৰ কৰে গুলী আৰু ড্ৰাগছ্।
হোজাই জিলাৰ লংকাৰ উদালী থানাত কৰ্মৰত মজিবুৰ ৰহমান নামৰ হোমগাৰ্ডজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সজীৱ গুলী। আৰক্ষীয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে। কিছুদিন পূৰ্বে এই গৃহৰক্ষী জোৱানজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post