মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা । গুৱাহাটীৰ ধাৰাপুৰত সন্ধিয়া মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছ (Drugs) বিৰোধী অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী। ছফিকুল নামৰ এজন লোকৰ ঘৰত এই অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে।
বিগত কেইবামাহ ধৰি নিজ বাসগৃহতে ৰমৰমীয়া বেহা চলাই আছিল। আৰক্ষীয়ে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰে ডেৰ লাখ ৱৰ্ল্ড ইজ ইয়ৰছ (WIY), য়াবা (Yaba) বুলিও বিখ্যাত নিচাযুক্ত টেবলেট টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি ৫৫ লাখ টকা। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ২৬ লাখ টকা।
WHATTADAY!
In an operation #GuwahatiPolice seized 1.7 lakh Meth tablets worth Rs. 2.55 Crore in intl. market, near Dharapur along with Rs. 26 lakh in cash.
One Safikul, a key player in the business was also caught.Congratulations #GuwahatiPolice @himantabiswa @CMOfficeAssam pic.twitter.com/H8qHRl8hsS
— DGP Assam (@DGPAssamPolice) June 22, 2021
ইফালে ধৃত ছফিকুলক আজাৰা থানালৈ অনাৰ সময়তে চলন্ত গাড়ীৰ পৰা পলাবলৈ চেষ্টা চলাইছিল। উপায়হীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত আহত হোৱা ড্ৰাগছ বেপাৰী ছফিকুল ইছলামক হাস্পতালত ভৰ্তি কৰোৱা হয়।
One Safikul, from whose possession 1,77,000 tablets and INR 26 lacs were recovered at Dharapur this evening tried to escape from police custody. To prevent him from escaping @assampolice team had to use firearms in which he was grievously injured. Being shifted to hospital. pic.twitter.com/ghEt3Qmgys
— GP Singh (@gpsinghips) June 22, 2021
Photo: Twitter
Discussion about this post