লাহৰীঘাটত (Laharighat) ড্ৰাগছ বিৰোধী (Drugs Drive) অভিযান বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰি সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰাজ্য চৰকাৰৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
মৰিগাঁৱৰ (Morigaon) লাহৰীঘাটৰ (Laharighat) বিভিন্ন অঞ্চলত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষীয়ে (Laharighat Police) ধিঙৰ আটি গাঁৱৰ ফিৰকুল খান নামৰ লোকজনৰ দোকানত অভিযান চলাই ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ ফিৰকুল খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে অঞ্চলটোৰ টেঙাগুৰিত স্থানীয় ৰাইজৰ লগতে টেঙাগুৰি সমন্বয় ৰক্ষী সমিতিয়ে ৰাজদুল ইছলাম নামৰ ড্ৰাগছ আসক্ত যুৱক এজনক ১টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক কৰি লাহৰীঘাট আৰক্ষী থানাত চমজাই দিয়ে।
ইপিনে ভূৰাগাঁৱতো আৰক্ষীৰ (Bhuragaon Police) অভিযানত ড্ৰাগছসহ (Drugs Seized) দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰু ভূৰাগাঁও আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় ছাদ্দাম হুছেইন আৰু হাফিজুৰ ৰহমান নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৩৭.১৮ গ্ৰাম ড্ৰাগছৰ লগতে ২৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post