শিৱসাগৰ (Sivasagar) আখৈফুটীয়াৰ বাঢ়ৈ টিঙত এগৰাকী বোৱাৰীক স্বামী, শহুৰ আৰু শাহুই মিলি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ (Buwari Physically And Mentally Harrasment By Husband Family) লগতে শিলিগুৰিত বিক্ৰী কৰাৰ ভাবুকি দিয়া বুলি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বোৱাৰীগৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত (Sivasagar Sadar Police Station) দাখিল কৰিছে এজাহাৰ।
গায়ত্ৰী গগৈ নামৰ মহিলাগৰাকীয়ে স্বামী বিমান চেতিয়া, শহুৰ গিৰীশ চেতিয়া আৰু শাহু তথা পেছাত শিক্ষয়িত্ৰী আৰতি চেতিয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।
অভিযোগ অনুসৰি ডেৰ বছৰ পূৰ্বে ঢকুৱাখানাৰ গায়ত্ৰী গগৈৰ শিৱসাগৰ বাঢ়ৈ টিঙৰ বিমান চেতিয়াৰ সৈতে বিয়া হৈছিল। তাৰ পিছৰে পৰা যৌতুকৰ (Dowry Case) দাবী কৰি অহাৰ লগতে নিৰ্যাতন চলাই আহিছিল। শেহতীয়াকৈ কেৰাচিন ঢালি জ্বলাই দিব বুলিও দিয়ে ভাবুকি। এই গুৰুতৰ অভিযোগ গায়ত্ৰী গগৈৰ। লগতে নিৰ্যাতিতা বোৱাৰীৰ এইটোও অভিযোগ যে শহুৰে ‘অন্তৰ্বাস’ (Underpants) পিন্ধি আহে খেদি। উপায়হীন হৈ আৰক্ষীৰ কাষ চপা মহিলাগৰাকীৰ লগতে তেওঁৰ মাতৃয়ে বৰ্তমান সহায় বিচাৰি উচুপি উঠিছে। শাহু-শহুৰে ডাঙৰ বোৱাৰীয়েককো এটা সময়ত অত্যাচাৰ কৰা বাবেই বেলেগে থাকিবলৈ লোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
ইপিনে শাহুৱেকে নিৰ্যাতনৰ অভিযোগ ভিত্তিহীন আখ্যা দিয়াৰ লগতে কথাৰ প্ৰসংগত মুখত এনেয়ে “বিক্ৰী কৰি দিয়া” শব্দ ওলাইছিল বুলি সংবাদ মাধ্যমৰ আগত কয়। লগতে শাহুৱেকে এইটো অভিযোগ উত্থাপন কৰে যে- ‘তায়ে আমাক পাগল কৰিছে। তাইক আমি কেতিয়াও হাৰাশাস্তি কৰা নাই।
এতিয়া আৰক্ষীৰ তদন্তত হে ওলাই পৰিব আচলতে কোন সঁচা আৰু কোন মিছা।
Photo & Input: পাৰচিচ আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/ips-anand-mishra-comments-on-leaving-assam/11974/
Discussion about this post