স্মাৰ্ট আৰক্ষীৰ নাক কাটিলে মৰাণ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই। ঘটনা অনুসৰি মৰাণৰ ভাৰতী চাহু নামৰ স্বামীহাৰা দৰিদ্ৰ মহিলাগৰাকীয়ে এখন ঠেলাৰে ফুটপাথত দোকান দি চলি আছিল।
দেওবাৰে সন্ধিয়া দোকান সামৰি মহিলাগৰাকীয়ে ভনীয়েকৰ সৈতে ভাৰা ৰুমলৈ গৈ আছিল। সেই সময়তে লোকমন হুছেইন নামৰ এটা লম্পট আহি আন্ধাৰৰ সুযোগ লৈ মহিলাগৰাকীৰ ভনীয়েকৰ গোপন অংগত হাত দি শালিনতা হানি কৰিবলৈ চেষ্টা কৰে।
ভুক্তভোগী মহিলা-
দুয়োগৰাকী মহিলাই বাধা দিয়াত লম্পটটোৱে ভাৰতী চাহুক প্ৰহাৰো কৰে। উপায়ন্তৰ হৈ ভাৰতী চাহুৱে ওচৰতে থকা মৰাণ থানালৈ দৌৰ মাৰে। মহিলাগৰাকীয়ে কথাবিলাক দায়িত্বত থকা আৰক্ষী বিষয়া ৰাজীৱ দাসক অৱগত কৰে যদিও বিষয়াগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে অশ্লীল গালি গালাজহে কৰে বুলি মহিলাগৰাকীয়ে সাংবাদিকক জনাই।
মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি “ফুটপাথত দোকান দিছ, নিৰ্যাতন সহ্য কৰিবই লাগিব” বুলি বিষয়াগৰাকীয়ে মহিলাগৰাকীক ধমকি দিয়ে। পিছত অৱশ্যে স্থানীয় এজন যুৱকে আৰক্ষীৰ উদ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত লম্পটটোক মৰাণ আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যে মহিলা নিৰ্যাতনকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পিছতো এচাম আৰক্ষীয়ে কেৰেপ নকৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। দৰিদ্ৰ মহিলাক নিদিয়ে এই সকল আৰক্ষীৰ বিষয়াই নিৰাপত্তা।
Photo & Input: ৰাজু সোনোৱাল
Discussion about this post