জঘন্য ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ (Goalpara District) দুধনৈত (Dudhnoi)। তিনি নাবালিকাক দলবদ্ধ ধৰ্ষণ ৩জন যুৱকৰ (3 Girls Gangrape)। জানিব পৰা অনুসৰি এই ঘৃণনীয় ঘটনাটো ২২ অক্টোবৰত সংঘটিত হৈছিল। দুধনৈৰ অসম-মেঘালয় সীমান্তৰ এটা অঞ্চলৰ দুখন গাঁৱৰ তিনি নাবালিকাক ফুচুলাই নি তিনি যুৱকে দুখন বাইকত সন্ধিয়া দুধনৈলৈ লৈ গৈছিল।
৩ নাবালিকাক ফুচুলাই নিয়া তিনি যুৱক ক্ৰমে- দেবাশীষ দাস ওৰফে চিন্তু, হাফিজুৰ শ্বাহ ওৰফে পিলু আৰু আচান পৰমানিক। সন্ধিয়া দুধনৈ লৈ গৈ তাৰ পিছতে ধাবাত খানা খুওৱাৰ চলনাৰে তাত সুৰাপান কৰোৱাই তিনি নাবালিকাক।
তাৰ পিছতে ধাবা খনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰত নি ওৰেনিশা তিনি পাষণ্ডই তিনি নাবালিকাক উপৰ্যুপৰি বলাৎকাৰ (Rape) কৰে ৷ তাৰ পিছত ২৩ অক্টোবৰৰ ৰাতিপুৱা তিনিও গৰাকী ছোৱালীক দুধনৈ চাৰিআলিত এৰি থৈ গুচি যায় ধৰ্ষনকাৰী কেইটাই ৷
অৱশেষত তিনিও নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয়। তাৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত (Dhudnoi Police) ২৪ অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিটাৰ (Rapist) বিৰুদ্ধে তীব্ৰ অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
তিনিওকে ঘটনাস্থলীলৈ লৈ যায় আৰু উক্ত স্থানত কিদৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল সেই বিষয়ে পুংখানুপুংখভাৱে আৰক্ষীয়ে তদন্ত কৰে ৷ ভুক্তভোগী তিনি নাবালিকাক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে এই পাশৱিক কাণ্ডৰ কথা দুধনৈত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে লজ্জানতো হৈ পৰিছে ৷
তিনিওটা ধৰ্ষণকাৰীয়ে উচিত শাস্তি লাভ কৰাটো এতিয়া দুধনৈৰ সকলো লোকেই দাবী জনাইছে।
Photo & Input: Khatang Khobor
Discussion about this post