ঢেকীয়াজুলিৰ (Dhekiajuli) কাচম আলীৰ ক’লা অধ্যায় ৷ বহু কেইগৰাকী জীয়ৰী-বোৱাৰীৰ কৰিলে জীৱন ধ্বংস। বহিঃৰাজ্যত ১ লাখ ২০ হাজাৰত বিক্ৰি কৰা যুৱতী কোনোমতে পলাই আহি খুলিলেহি প্ৰেমিকৰূপী দুৰ্বৃত্ত কাচমৰ মুখা ৷
প্ৰথমে যুৱতীৰ সৈতে প্ৰেম তাৰ পিছত জীৱন সংগী কৰাৰ প্ৰতিশ্ৰুতি, শেষত ব’লা আমি যাওঁগৈ দূৰণিৰ দেশলৈ য’ত আমি সুখৰ সাগৰত ডুবি থাকিব পাৰিম ৷ এনেদৰেই ঢেকীয়াজুলিৰ কাচম আলীয়ে প্ৰেমৰ চলনাৰে এলিজাক লৈ গৈছিল হাৰিয়ানালৈ ৷ প্ৰেমিকৰূপী এইজন অমানুহে অতি চতুৰালিৰে এলিনাৰ অজ্ঞাতে হাৰিয়ানাৰ এক অচিন ঠাইত এজন অচিন ব্যক্তিৰ হাতত তাইক গতাই দি বিনিময়ত একলাখ ২০ হাজাৰ টকালৈ উভতি আহিছিল অসমলৈ ৷
কেৱল ইমানেই নহয় আন বহু জীয়ৰী-বোৱাৰীক বহিঃৰাজ্যৰ কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভন দি কাচমে আলীয়ে লৈ গৈ বিক্ৰী কৰি দীৰ্ঘদিনৰ পৰা চলাই আহিছে তাৰ এই অনৈতিক কাৰ্য ৷ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাচম আলী নামচুবুৰী পানবাৰীৰ বাসিন্দা ৷
এই পাষণ্ড কাচমে কিছুদিন পূৰ্বে ঠেলামৰা আৰক্ষী (Thelamara police) থানাৰ অন্তৰ্গত বালিগাঁও বঙালী নামে গাঁওখনৰ বাসিন্দা ওচমান আলী কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগ লৈ ওচমানৰ পত্নী জয়ৰণ নেছা ৯ বছৰীয়া পুত্ৰ মিৰাজুল ইছলামক ফুচুলাই নি কৰ্ণাটকৰ এটা কফি কোম্পানীত ৪০হাজাৰ টকাত বিক্ৰী কৰিছিল ৷ সেই সন্দৰ্ভত ওচমান আলীয়ে ঠেলামৰা Lআৰক্ষী থানাত (Thelamara police) দিয়া এক জাননীৰ ভিত্তিত যোৱা নিশা কাচমক নিজ গৃহৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ দুগৰাকীকৈ পত্নী থকা কাচমক আৰক্ষীয়ে আটক কৰাৰ সময়তে হাৰিয়ানাত বিক্ৰী কৰা ঢেকীয়াজুলি ৰঙাগৰাৰ যুৱতীগৰাকীকো কাচমৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আহে ৷
ইতিমধ্যে ঠেলামৰা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অৱ্যাহত ৰাখিছে ৷ কাচমৰ লগতে এটা বৃহৎ নাৰীসৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
Photo & Input: ছাইদুল ইছলাম
Discussion about this post