লাহৰীঘাটত পুনৰ পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। পিতৃ-কন্যাৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী লম্পট পিতৃয়ে। পিতৃয়ে ধৰ্ষণ কৰিলে সতীয়া জীয়েকক।
এই চাঞ্চল্যৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত কছাৰীবড়ী গাঁৱত। ধৰ্ষণকাৰী লম্পট পিতৃৰ নাম ছাজাহান আলী।
উল্লেখ্য ধৰ্ষিতাৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে তিনি বছৰীয়া কণমানিক লগত লৈ কছাৰীবড়ীৰ গাঁৱৰ মিৰাজ আলীৰ পুত্ৰ ছাজাহান আলীৰ লগত ১০বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল।
বিয়াৰ সময়ত পিতৃহাৰা কণমানিজনীৰ সম্পূৰ্ণ দায়িত্ব লৈছিল লম্পট ছাজাহানে। বিয়াৰ পিছৰে পৰাই মাতৃৰ লগতে কণমানিজনীক বিভিন্নভাৱে নিৰ্যাতন চলাই থকাৰ অভিযোগ আছে ছাজাহানৰ বিৰুদ্ধে।
এনেকৈ মাতৃ কন্যাক নিৰ্যাতন চলাই থকাৰ মাজতে লম্পট ছাজাহানে ১১ আগষ্টৰ নিশা বলপূৰ্বকভাৱে ধৰ্ষণ কৰে ১৩ বছৰীয়া কিশোৰীগৰাকীক।
এনে জঘন্য ধৰ্ষণৰ কথা মাতৃয়ে তথা ছাজাহান আলীৰ পত্নীয়ে জানিবলৈ পোৱাত ছাজাহান আলীয়ে মাৰপিট কৰি পত্নী আৰু কন্যাক হাত ভৰি ভাঙি গুৰুতৰভাৱে আহত কৰে।
পিছত এই ঘটনা সন্দৰ্ভত ধৰ্ষিতাৰ আত্মীয়ই লাহৰীঘাটত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে লাহৰীঘাটৰ আৰক্ষীয়ে লম্পট ছাজাহান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post