লখিমপুৰ (Lakhimpur) জিলাৰ বগীনদী আৰক্ষী (Boginadi Police Station) থানাৰ অন্তৰ্গত কাকৈ চাৰিআলিত আজি দিন-দুপৰতে সংঘটিত হয় এক ডকাইতি কাণ্ড (Decoit Case)। এই ঘটনাত কাকৈ চাৰিআলিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত AS 07 AC 8360 নম্বৰৰ ব্ৰয়লাৰ কঢ়িওৱা গাড়ীখনৰ পৰা AS 07 N 7689 নম্বৰৰ স্কুটীত অহা তিনিজনীয়া ডকাইতৰ দলে আগভেটি ধৰি গাড়ীৰ চালকক মাৰপিট কৰাৰ লগতে গাড়ীখনৰ চাবিৰ উপৰিও নগদ ২ লাখ টকা লুটি নিয়ে (2 Lakhs Money Loot)।
এই ঘটনাৰ পিছতে গাড়ীখনৰ মালিকে বগীনদী আৰক্ষী থানাত গোচৰ ৰুজু কৰাত, আৰক্ষীয়ে অভিযুক্ত ডকাইতৰ দলটোৰ গৃহত তালাচী চলাই গাড়ীৰ চাবি উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নগদ ধন উদ্ধাৰ নহ’ল।
ইতিমধ্যে বগীনদী আৰক্ষীয়ে ডকাইতৰ দলটোৰ চাৰিজনক আটক (4 Dacoits Detain) কৰি তদন্ত অব্যাহত ৰাখিছে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post