লাহৰীঘাটত (Laharighat) চাৰি চাইবাৰ অপৰাধী (Cyber Criminal) গ্ৰেপ্তাৰ (Arrest)। মঙলবাৰে লাহৰীঘাট আৰক্ষীয়ে (Laharighat Police) কছাৰীবড়ীৰ পৰা ৪টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰে।
ধৃত অপৰাধী কেইটা ক্ৰমে খাইৰুল ইছলাম, আবুল কাশেম, ছাদিকুল ইছলাম আৰু তবিবুল হুছেইন। চাইবাৰ অপৰাধী কেইটাৰ পৰা চাইবাৰত ব্যৱহৃত মোবাইল ১০টা, ছীম কাৰ্ড ১১৫খন, আধাৰ কাৰ্ড ১৯খন, পান কাৰ্ড ১২খন আৰু ৮খন ATM কাৰ্ডৰ লগতে AS21J3975 আৰুAS12T3588 নম্বৰৰ দুখন বাইক জব্দ কৰে।
দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধী (Cyber Crime) কেইটাই অন্য লোকৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি মোবাইল এপৰ জৰিয়তে লোণ লৈ লাখ লাখ টকা সৰকাই আহিছিল। লাহৰীঘাট আৰক্ষীয়ে ধৃত অপৰাধী কেইটাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আদালতলৈ প্ৰেৰণ কৰে।
Photo & Input: ছাদ্দাম হুছেইন
আৰু পঢ়কঃ https://khatangkhobor.com/news/31st-december-guidelines-not-allowed-drink-drive-in-assam/5670/
Discussion about this post