দিল্লীৰ আইজিআই(IGI) বিমানবন্দৰত সোণৰ(Gold) চোৰাং ব্যৱসায়ৰ এক অনন্য ঘটনা পোহৰলৈ আহিছে। শুল্ক বিভাগৰ বিষয়াসকলে মুখত প্ৰায় ৪৫ লাখ টকা মূল্যৰ সোণ লৈ ডুবাইৰ পৰা দিল্লীত উপস্থিত হোৱা ২জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃতদ্বয়ে মুখৰ ভিতৰত সোণ লুকুৱাই আনিছিল। দুয়োজনকে বিমানবন্দৰত শুল্ক বিভাগৰ বিষয়াসকলে আটক কৰে।
দিল্লী শুল্ক(Delhi Customs Zone) জনে কোৱা অনুসৰি এই ঘটনাটো ২৮ আগষ্টৰ নিশাৰ। ডুবাইৰ পৰা গ্ৰীণ চেনেললৈ অহা দুজন উজবেকিস্তানৰ নাগৰিকক ইন্দিৰা গান্ধী বিমানবন্দৰত আটক কৰা হৈছিল।
তালাচীত তেওঁলোকৰ মুখৰ পৰা ৯৫১ গ্ৰাম সোণ আৰু এডাল ধাতুৰ চেইন উদ্ধাৰ কৰা হৈছিল। তেওঁলোকে দাঁতৰ ওপৰত সোণ খচি ৰাখিছিল আৰু চেইনডাল মুখৰ ভিতৰত ৰাখিছিল। ইয়াৰ পিছত সোণখিনি জব্দ কৰা হৈছিল।
Officers of Customs AIU, IGI Airport apprehended 2 Uzbeki nationals on the night of 28th August coming from Dubai in the Green Channel. On search, 951 gms gold in form of dentures and a metallic chain was recovered from their oral cavity: Delhi Customs Zone pic.twitter.com/kcTl80yDt8
— ANI (@ANI) September 10, 2021
এই অদ্ভুত ধৰণে সোণ আৰু অন্যান্য ব্যয়বহুল ধাতুৰ চোৰাং ব্যৱসায়ৰ এইটো প্ৰথম ঘটনা নহয়। পূৰ্বেও কেইবাবাৰো লোকসকলে তেওঁলোকৰ শৰীৰত সোণ লুকুৱাই ধৰা পৰিছিল। গুহ্যদ্বাৰ, পেট বা ভৰিৰ তলুৱাটো সোণ লুকুৱাই ধৰা পৰিছিল বহু কেইগৰাকী লোক।
যোৱা মাহত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এগৰাকী মহিলাসহ তিনিজন চুডানৰ ৩ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ পৰা ১.৮২ কোটি টকাৰ ৪.১ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰা হৈছিল।
Photo: ANI
Discussion about this post