“প্ৰেমত ঘূৰিছে ভূ-মণ্ডল প্ৰেমত ফুৰিছে শত দল।” প্ৰেম এক স্বৰ্গীয় অনুভূতি। এই প্ৰেমেই কাৰোবাৰ জীৱনলৈ কঢ়িয়াই আনে আশাৰ বতৰা আকৌ এই প্ৰেমেই কাৰোবাৰ জীৱনলৈ নমাই আনে কাল অমানিশা। ঠিক এনে এক প্ৰেমৰ বাবেই ভূৰাগাঁৱৰ এগৰাকী ছাত্ৰীৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।
ঘটনাটো এনেধৰণৰঃ লাহৰীঘাটৰ (Laharighat) ভূৰাগাঁৱৰ (Bhuragaon) এগৰাকী কলেজীয়া ছাত্ৰীয়ে প্ৰেমিকৰ লগত নৈৰ পাৰত ফুৰিবলৈ গৈছিল। প্ৰেমিকাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তসমূহ (Personal Moment) প্ৰেমিক যুৱকজনে নিজৰ মোবাইলত ৰেকৰ্ড (Mobile Recording) কৰিছিল। তেনে সময়তে স্থানীয় দুজন যুৱক ক্ৰমে মফিদুল ইছলাম আৰু ফাইজুল তাত উপস্থিত হৈ যুৱতীগৰাকীক ধমকি দি সেই ঠাইৰ পৰা পঠিয়াই দি প্ৰেমিক যুৱকজনৰ মোবাইল ফোনটো কাঢ়ি লৈ ৰেকৰ্ড কৰা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’টো লৈ যায়।
Viral Video-
পৰৱৰ্তী সময়ত মফিদুল ইছলাম আৰু ফাইজুল নামৰ নৰাধম যুৱক দুজনে যুৱতীগৰাকীক মাতি নি যৌন সম্পৰ্কৰ প্ৰস্তাৱ দিয়ে। যুৱক দুজনৰ অসৎ প্ৰস্তাৱত কলেজীয়া ছাত্রীগৰাকীয়ে অমান্তি হোৱাত মফিদুল ইছলাম নামৰ লম্পট যুৱকজনে ছচিয়েল মেডিয়াত প্ৰেমিক-প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’টো ভাইৰেল (Personal Moment Video Viral Social Media) কৰি দিয়ে।
ভুক্তভোগী যুৱতীৰ ভাষ্য-
ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ভিডিঅ’টো ভাইৰেল (Viral Video) হোৱাৰ পিছতে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰী গৰাকীক বিদ্যালয়ৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে।
ইপিনে যুৱতীগৰাকীৰ এনে ভিডিঅ’ ভাইৰেল হোৱাৰ খবৰে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে আত্মহত্যা কৰিবলৈ চেষ্টা চলাইছিল বুলি ভুক্তভোগী যুৱতী গৰাকীয়ে জানিবলৈ দিয়ে। ছাত্ৰীগৰাকীয়ে লোক লজ্জাৰ লগতে হতাশাত ভাগি পৰিছে। উপায়ন্তৰ হৈ ছাত্ৰীগৰাকী অৱশেষত ন্যায় বিচাৰি ভূৰাগাঁও আৰক্ষীৰ কাষ চাপিছে।
এতিয়া প্ৰশ্ন হয় যুৱতীগৰাকীক ব্লেক মিলিং কৰি শাৰীৰিক সম্পৰ্ক কৰাৰ চেষ্টাত ব্যৰ্থ হৈ প্ৰেমিক-প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্ত ছচিয়েল মেডিয়াত ভাইৰেল কৰা মফিদুল ইছলাম নামৰ লম্পটোৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ’ব।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post