বনভোজক (Picnic) কেন্দ্ৰ কৰি গুৱাহাটীৰ (Guwahati) নুনমাটি থানাৰ (Noonmati Police Station) অন্তৰ্গত পাথৰকোৱেৰীৰ বিষ্ণু নগৰত সংঘটিত হৈছে এক কৰুণ আৰু আচৰিত ঘটনা। সমনীয়াৰ সৈতে বনভোজ খাবলৈ যোৱাৰ বাবে স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী ভায়োলিনা শইকীয়াই পিতৃৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু পিতৃয়ে যাবলৈ দিবলৈ মান্তি নহ’ল ফলত অভিমানী ছাত্ৰীগৰাকীয়ে বাচি লয় আত্মহত্যাৰ (Suicide) দৰে চৰম পথ।
ঘৰত কোনো নথকাৰ সুযোগত বাথৰুমত চিপ লৈ আত্মহত্যা (Suicide) কৰে ছাত্ৰী ভায়োলিনাই। সন্ধিয়া পিতৃয়ে ঘৰলৈ আহি ছাত্ৰীগৰাকীৰ মৃতদেহ ওলমি থকা দেখা পায়। বনভোজ (picnic) খাবলৈ যাব নিদিয়াৰ বাবে আত্মহননৰ পথ বাছি লোৱা ছাত্ৰীগৰাকীৰ মৃত্যুৱে শোকাকুল কৰি তুলিছে পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়াক।
হাতীশিলালৈ সমনীয়াৰ সৈতে পিকনিকৰ বাবে যাবলৈ যো-জা চলোৱা ভায়োলিনাই অনুমতি নোপোৱাৰ পিছত সমনীয়াসকলেও বাতিল কৰে পিকনিক। যাৰ বাবে মনত আঘাত পাই আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। পৰিয়ালটোৱে নুনমাটি থানাত (Noonmati police station) খবৰ দিয়াৰ পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।
ৰাজ্যত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আত্মহত্যাৰ দৰে ঘটনা। কিহৰ বাবে এই যুৱচামে সাধাৰণ-সাধাৰণ কথাতে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। কোন দিশে গতি কৰিছে এই যুৱ প্ৰজন্ম?
Input: Khatang Khobor
Discussion about this post