প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত ‘বেটি বচাও বেটি পঢ়াও’ যি শ্ল’গান আছিল সেয়া প্ৰকৃততে কিমান সফল হৈছে। বিজেপি চৰকাৰৰ কাৰ্যকালত কিমান সুৰক্ষিত নাৰী সমাজ? কিমান সুৰক্ষিত যুৱতী-কিশোৰী?
নগাঁও (Nagaon) জিলাৰ অন্তৰ্গত ধিঙৰ ভেৰভেৰী গাঁও। ভেৰভেৰী গাঁৱৰ আলিম উদ্দিনৰ নাবালিকা কন্যা সন্তান অজিফা মোল্লা। ধিং Christ Jyoti স্কুলৰ অষ্টম শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰী এইগৰাকী কিশোৰী। হঠাৎ এইগৰাকী কিশোৰীয়ে কৰিলে আত্মহত্যা (Suicide)। কিন্তু কিয় এইগৰাকী কিশোৰীয়ে হঠাৎ আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত বাচি ল’ব লগীয়া হ’ল জানেনে?
পৰিয়ালৰ অভিযোগ মতে, এইগৰাকী কিশোৰীক কেইদিনমানৰ পূৰ্বে গাঁৱৰে এইটো লম্পট যুৱক নাজিমুল হকে দিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু এই লম্পট যুৱকৰ এনে প্ৰস্তাৱ বাৰে বাৰে নাকচ কৰিছিল কিশোৰী গৰাকীয়ে।
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই লম্পট যুৱকজনে কিশোৰী গৰাকীক হত্যাৰ ভাবুকিৰ লগতে গণধৰ্ষণ (Gang Rape) কৰাৰো দিছিল ভাবুকি। লম্পট নাজিমুলৰ এনে মানসিক অত্যাচাৰ তথা লাজ ভয় অপমান সহ্য কৰিব নোৱাৰি বিহপাণ কৰি আত্মহত্যাৰ চেষ্টা চলাই কিশোৰীগৰাকীয়ে।
এই ঘটনাৰ পিছতেই সংকটজনক অৱস্থাত কিশোৰী গৰাকীক নগাঁও (Nagaon) চিভিল হাস্পতালত ভৰ্তি কৰাই আৰু তাৰ পিছত GMCHলৈ যায়। কিন্তু অৱশেষত GMCHতে কিশোৰী গৰাকীৰ মৃত্যু ঘটে। কিশোৰী গৰাকীৰ মৃত্যুৰ পিছতেই সমগ্ৰ ধিং অঞ্চলত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। কিশোৰী গৰাকী পঢ়ি থকা বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিচাৰিছে যাতে এনে ঘটনা পুনৰাবৃত্তি নহওক ।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/himanta-bishwa-sarma-reach-sivasagar-in-assam/4242/
Discussion about this post