ব্ৰিটেইনত এজন যুৱকে (British Man) নিজৰ বন্ধুকে ইমান নিৰ্দয়ভাৱে হত্যা কৰিলে যে আৰক্ষী বিষয়াসকলৰো গাৰ নোম শিয়ৰি উঠিল। অভিযুক্তজনে নিজেই কেমেৰাত এই ভয়ংকৰ ঘটনাটো ৰেকৰ্ড কৰিছিল। তাৰ পিছত যুৱকজনে ‘দ্য কনজিউৰিং ৩: দ্য ডেভিল মেড মি ডু ইট’ নামৰ ভৌতিক চলচ্চিত্ৰখন চাবলৈ চিনেমা হললৈ গুচি যায়। অভিযুক্ত শ্বেফে তাৰ বন্ধুক ৪০ মিনিটত ১০০ বাৰতকৈও অধিক বাৰ চুৰিকাঘাত কৰিছিল আৰু তাৰ চকুও হানি-খুঁচি ওলাই আনিছিল।
ঘটনাটোৰ পূৰ্বে কৰিছিল সুৰাপান
দ্য চানৰ খবৰ অনুসৰি, ২০ বছৰীয়া লুইছ এছডাউনে (Lewis Ashdown) ১৮ বছৰীয়া মাৰ্ক উইলিয়ামছ (Marc Williams)ক নিৰ্মমভাৱে হত্যা কৰে। ঘটনাটোৰ পূৰ্বে এছডাউনে উইলিয়ামছৰ সৈতে সুৰাপান কৰিছিল আৰু তাৰ পিছত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। এশ্বডাউনে মাৰ্কক প্ৰায় ৪০ মিনিটলৈ চুৰিৰে আক্ৰমণ কৰিছিল আৰু তাক ১০৭ বাৰ চুৰিৰে হানিছিল। অভিযুক্তই মৃতকৰ চকুও ওলাই আনিছিল।
Murderৰ লগতে ভিডিঅ’ও কৰিছিল
অভিযুক্ত এশ্বডাউনে নিজৰ ফোনেৰে ঘটনাটোৰ সাতটা ভিডিঅ’ কৰিছিল। এটা ভিডিঅ’ত সি ফুটবলৰ দৰে তাৰ বন্ধুৰ মূৰত লাথি মাৰি থকা দেখা গৈছিল। আৰক্ষীয়ে এছডাউনক গ্ৰেপ্তাৰ কৰে আৰু তাক লুইছ ক্ৰাউন আদালতত হাজিৰ কৰোৱাই। এজন আৰক্ষী বিষয়াই কৈছিল যে মাৰ্ক উইলিয়ামছ আৰু এশ্বডাউন মাত্ৰ ৬ মাহৰহে অনলাইন বন্ধুত্ব আছিল।
সুৰামত্ত অৱস্থাতে অপৰাধ স্বীকাৰ
২৯ মে’ত দুয়োজনে ইজনে সিজনক মেছেজ কৰিছিল আৰু লগ হোৱাৰ পৰিকল্পনা কৰিছিল। উইলিয়ামছে প্ৰস্তুতিৰ বাবে বিয়েৰ, হুইস্কি আৰু কোক কিনিছিল। উইলিয়ামছে সুৰাপান কৰাৰ পিছত এশ্বডাউনে তাৰ মুখ, চকু, ডিঙি, মূৰ, পিঠি, গুপ্তাংগ, বুকু আৰু ভৰিত ১০৭ বাৰ চুৰিকাঘাত কৰিছিল। তাৰ পিছত তাৰ শৰীৰটো নলাত পেলাই দিছিল। এশ্বডাউনে পাছদিনা তেওঁৰ বন্ধু লিইম হনচনক লগ ধৰে আৰু সুৰাৰ নিচাতে হত্যা কৰাৰ কথা স্বীকাৰ কৰে। এশ্বডাউনে লিইম হনচনক কৈছিল যে সি উইলিয়ামছক হত্যা কৰিছিল কাৰণ সি তাক অশান্তি দি আছিল।
Photo: Zee News
Discussion about this post