মহানগৰীৰ (Guwahati) চানমাৰীত (Chandmari) দিন-দুপৰতে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Murder Case) সংঘটিত হৈছে। পিতৃৰ হাততেই প্ৰাণ গ’ল পুত্ৰৰ (Father Killed Son)। পিতৃ অম্বিকা শৰ্মাই পুত্ৰ টিংকল শৰ্মাক হত্যা কৰি PWD কাৰ্যালয় চৌহদত বস্তাত ভৰাই পেলাই থৈ যায় মৃতদেহটো। স্থানীয় ৰাইজে বস্তাত ভৰাই থোৱা অৱস্থাত দেখা পায় মৃতদেহটো।
ঘটনাস্থলীত চানমাৰী আৰক্ষী (Chandmari Police) উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। পুত্ৰক হত্যা কৰি পিতৃয়ে চানমাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। লগতে পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰে পিতৃ অম্বিকা শৰ্মাই। টিংকল শৰ্মা ঘৰ চামতাত কিন্তু কৰ্মসূত্ৰে পিতৃ-মাতৃৰ সৈতে আছিল চানমাৰীত।
জানিব পৰা মতে দেওবাৰৰ পৰা টিংকল ঘৰলৈ যোৱা নাছিল। ফোনতো পোৱা নাছিল তাক। জেঠাকে চিনাক্ত কৰিলে ২৫ বছৰীয়া টিংকলৰ মৃতদেহ। পাৰিবাৰিক কন্দলৰ বাবেই পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰে পিতৃ অম্বিকা শৰ্মাই।
পুত্ৰ টিংকলে বহু দিনৰে পৰা ঘৰখনত অশান্তিৰ সৃষ্টি কৰাৰ লগতে পিতৃক বহুবাৰ প্ৰাণে মৰাৰ চেষ্টা কৰিছিল। দেওবাৰৰ দিনাও একেই ঘটনা সংঘটিত হৈছিল ৷ পুত্ৰই আজিয়ো অত্যাচাৰ চলাইছিল। যাৰ বাবে আজি পিতৃয়ে সহ্য কৰিব নোৱাৰি পুত্ৰক এডাল বাঁহেৰে কোবাই কোবাই হত্যা কৰে।
Photo & Input: Ramesh Baishya
Published BY: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/halla-at-hojai-petrol-pump-in-assam-watch-video/10410/
Discussion about this post