তেজপুৰ (Tezpur) ঢেকিয়াজুলিৰ (Dhekiajuli) ২নং ৱাৰ্ডত বোৱাৰী হত্যা (Buwari Murder Case) ৷ যৌতুকৰ (Dowry Case) বাবেই বোৱাৰীক স্বামী পৰিয়ালে হত্যা কৰাৰ (Murder Allegation) অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ ৷ সোনাপুৰ (Sonapur) কপালকাটাৰ ইব্ৰাহিম শ্বেখৰ কন্যা মেৰিনা শ্বেখৰ সৈতে ৫ বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হয় ঢেকিয়াজুলি ২নং ৱাৰ্ডৰ ইমৰান শ্বেখৰ সৈতে ৷




বিবাহৰ পিছত কিছুদিন ভালদৰে সংসাৰ পাৰ হৈছিল যদিও পত্নী মেৰিনাক স্বামীয়ে যৌতুক বিচাৰি দাবী ধমকি দিয়াৰ লগতে স্বামী ইমৰানৰ লগতে শহুৰ হাবিব শ্বেখ আৰু শাহু মেৰিয়েন নেচাই যৌতুক (Dowry Case) আনি দিব নোৱাৰিলে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল ৷
আনকি ঘৰৰ বনকৰা ছোৱালীয়েও শাৰীৰিক অত্যাচাৰ চলাইছিল ৷ কেৱল এয়াই নহয় কন্যা সন্তান জন্ম দিয়াৰ বাবেই মেৰিনাৰ ওপৰত স্বামী পৰিয়ালে অত্যাচাৰ চলাইছিল ৷ আনকি কন্যা সন্তানটো গৰ্ভত এটা মাহ নহওতে স্বামী পৰিয়ালে ভ্ৰূণ হত্যা কৰিব খুজিছিল বুলিও অভিযোগ মেৰিনাৰ পৰিয়ালৰ ৷
৩০ মে’ত মেৰিনাক ডিঙি চেপি হত্যা কৰে স্বামীৰ লগতে শহুৰ-শাহুৱে বুলি অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ ৷ স্বামী পৰিয়ালে কন্যা সন্তান জন্ম হোৱাটো মহাপাপ বুলি গণ্য কৰিয়েই এইদৰে মেৰিনাক হত্যা কৰা বুলি দাবী কৰে পৰিয়ালে ৷
এই ক্ষেত্ৰত পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও মেৰিনাৰ স্বামী বৰ্তমানে পলাতক ৷ বৰ্তমান নিজ মাতৃ গৃহলৈ লৈ অনা হৈছে মেৰিনাৰ নশ্বৰ দেহ। সোণাপুৰৰ কঁপালকাটাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মেৰিনাক শেষবাৰৰ বাবে চাবলৈ সমবেত হয় শ শ পুৰুষ মহিলা। কান্দোনত ভাগি পৰিছে অঞ্চলটোৰ সকলো লোক।
দোষীৰ উচিত শাস্তিৰ দাবী মেৰিনাৰ পৰিয়ালৰ লগতে ৰাইজৰ।
Photo & Input: আৰফান আলী
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-jamun-health-benefits/10228/
Discussion about this post