এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ (Kamrup District) হাজো থানাৰ (Hajo Police) অন্তৰ্গত হাৱলাখাত। বাচন ধোৱা পাউডাৰেৰে দাঁত ঘহি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী নৱবিবাহিতা বোৱাৰীয়ে (Buwari Died)।

জানিব পৰা অনুসৰি, ৰাসায়নিক বিষক্ৰিয়া ঘটি এনেদৰে কৰুণ মৃত্যুক (Died For Poisoning) সাবটি লয় আৰিফা বেগম (২০) নামৰ মহিলাগৰাকীয়ে। মৃত মহিলাগৰাকী আৰিফা ফজল হকৰ পত্নী।
বৃহস্পতিবাৰে পুৱা প্রায় ৮ বজাত আৰিফা বেগমে ঘৰত থকা বাচন-বৰ্তন ধোৱা পাউডাৰেৰে দাঁত ঘহিছিল। ইয়াৰ পিছত দিনৰ প্ৰায় এঘাৰ বজাৰ পৰা পেটৰ বিষত আক্ৰান্ত হৈ আছিল আৰিফা।
পথাৰৰ মাজত ঘৰ আৰু যাতায়াতৰ সুবিধা নথকাত মহিলাগৰাকীক স্বামী ফজল হকে বহু পলমকৈ মুকালমুৱাৰ আদাবাৰী চিকিৎসালয়লৈ নিয়ে যদিও ইয়াৰ কিছু সময় পিছতে মহিলাগৰাকীৰ মৃত্যু হয়। নিশা মহিলাগৰাকীৰ মৃতদেহ হাজো থানাৰ মৰ্গত ৰখাৰ পিছত শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানাজা সম্পন্ন কৰা হয়।
ইফালে, মৃত মহিলাগৰাকীৰ মাতৃগৃহৰ লোকে স্বামীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
Photo & Input: Khatang Khobor





























Discussion about this post