চৰকাৰী কাৰ্যায়লসমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান (Directorate Of Vigilance & Anti-Corruption)। বুধবাৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে এগৰাকী বন বিষয়াক (Forest Officer Arrest)। ভিজিলেঞ্চৰ দলে গ্ৰেপ্তাৰ কৰা বন বিভাগৰ বিষয়াজনৰ নাম দেৱব্ৰত গগৈ। বিষয়াগৰাকী কাছাৰ জিলাৰ (Cacher District) লক্ষীপুৰত (Lakhipur) ৰেঞ্জাৰ হিচাপে কৰ্মৰত।
এজন লোকৰ পৰা ঘোচ (Bribe Case) লোৱাৰ পিছতে ভিজিলেঞ্চৰ দলটোক দেখা পাই ৰেঞ্জাৰজনে ঘোচৰ ধনৰ সৈতে চেম্বাৰৰ পৰা পলায়ন কৰে। ইয়াৰ পিছতে ভিজিলেঞ্চৰ দলে খেদি খেদি প্ৰায় ১ কিলোমিটাৰ দূৰত বিষয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Photo & Input: নৈতিক শীল
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-coconut-oil-for-hair-fall-problem-solution/10852/
Discussion about this post