দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Directorate of Vigilance & Anti-Corruption)। এইবাৰ ঘোচ (Bribe) লৈ হাতে-লোটে গ্রেপ্তাৰ হ’ল মৰিগাঁৱৰ আবকাৰী বিভাগৰ (Excise Department) অধীক্ষক বৰষা বৰা বৰদলৈ। মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অসম আৰক্ষীৰ দুৰ্নীতি নিৰ্বাৰক শাখাই চলাই অভিযান।
জানিবলৈ দিয়া অনুসৰি, জাগীৰোডৰ চিন্ময় তামুলী নামৰ এজন ব্যৱসায়ীৰ পৰা সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ বাবদ বৰদলৈয়ে ১ লাখ টকা ঘোচ হিচাপে বিচাৰিছিল (Demanding 1 Lakh)। পিছত ব্যৱসায়ীজনে বৰষা বৰা বৰদলৈৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল।
সেই অভিযোগৰ ভিত্তিতে আজি নিবাৰক শাখাৰ (Directorate of Vigilance & Anti-Corruption) এটা দলে গোপনে এক অভিযান চলাই ব্যৱসায়ীজনে ২০ হাজাৰ টকা আগধন দিবলৈ লওতেই হাতে-লোটে (While Accepting 20,000 Bribe) ধৰে বিষয়াগৰাকীক।
মৰিগাঁৱৰ (Morigaon) পালিগুৰিৰ এখন বাৰৰ পৰা লৈছিল ঘোচ (Bribe Case)। দুৰ্নীতি নিবাৰকৰ অভিযান এতিয়াও অব্যাহত আছে। বিষয়াগৰাকীক অবৈধ ধনৰ সন্ধান বিচাৰি অধিক জেৰা চলোৱাৰ সম্ভাৱনা আছে।
এই সন্দৰ্ভত টুইট কৰি সতৰ্কতা আৰু দুৰ্নীতি নিবাৰকৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে (G P Singh) কয়, ‘চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আছে। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষী উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক শ্ৰীমতী বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ (Arrest) কৰে। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’
Photo & Input: Khatang Khobor
Published BY: Dulu Medhi
Discussion about this post