দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকা অসম আৰক্ষীৰ (Assam Police) দুৰ্নীতি নিবাৰক শাখাৰ (Directorate of Vigilance and Anti-Corruption) অভিযানত শুকুৰবাৰে গ্ৰেপ্তাৰ (Arrest) হয় ALMS(Assam Legal Metrology Service)ৰ নিয়ন্ত্ৰক শশীন্দ্ৰ নাথ বৈশ্য (Shashindra Nath Baishya)।
হাতে-লোটে ধৰা পৰা (Caught Red Handed) শশীন্দ্ৰ নাথ বৈশ্যৰ অৱসৰৰ বাবে আৰু ৫ মাহ ২২ দিনহে আছিল বাকী। ওজন আৰু জোখ-মাখ হিচাপ কৰা সামগ্ৰী বিক্ৰী কৰাৰ বাবে এখন দোকান খুলিবলৈ অনুজ্ঞাপত্ৰ (License) বিচাৰিছিল শশীন্দ্ৰ নাথ বৈশ্যৰ পৰা।
In Further searches, INR 3,23,850 and 3,19,000 have been recovered from his office room and residential home respectively. pic.twitter.com/H9awvWVR9b
— GP Singh (@gpsinghips) July 8, 2022
সেই অনুজ্ঞাপত্ৰৰ বাবদ এগৰাকী মহিলাক ঘোচ (Bribe) হিচাপে বিচাৰিছিল ২৫ হাজাৰ টকা (Twenty Five Thousand)। বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ পৰা টকাখিনি লোৱাৰ সময়তে আবেলি ৪.৪০ বজাত দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption) হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে। কাৰ্যালয়ৰ কোঠাতেই সোধা-পোছা কৰে দুৰ্নীতি নিবাৰক শাখাই।
অভিযুক্ত বিষয়াজনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ থানাত ১৬/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভিজিলেন্স তদন্ত আগবঢ়াইছে। ২৫হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতেলোটে গ্রেপ্তাৰ হয় জোখ মাপ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য।
ইফালে এই ঘোচ লোৱা ঘটনাটোৰ পিছতে অভিযানকাৰী দলে বিষয়াজনৰ কাৰ্যালয় কক্ষত তালাচী চলাই ৩,২৩,৮৫০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে তেওঁৰ বাসভৱনত তালাচী চলাই ভিজিলেন্সৰ দল এটাই ৩,১৯,০০০ টকা জব্দ কৰিছে।
Photo: Ramesh Baishya
Discussion about this post