ছাত্ৰীয়ে ‘পৰ্ণ’ (Porn) চাই নে নাচায় জানি বৰ ভাল পায় ছাৰে। গাভৰু ছাত্ৰীৰ শৰীৰ দেখিলে ৰ’ব নোৱাৰা আফ্তাফিজুৰ ছাৰৰ মেছেজ হৈ পৰিল ভাইৰেল। এইবাৰ ইংৰাজী বিভাগৰ এগৰাকী প্ৰবক্তাই কালিমা সানিলে পবিত্ৰ গুৰু-শিষ্যৰ সম্পৰ্কত। ছাত্ৰীয়ে দুটা কিয় মোবাইল নম্বৰ ব্যৱহাৰ কৰে, তাক লৈও আপত্তি ছাৰৰ। ছাত্ৰীক ডিচেম্বৰত এদিনৰ বাবে ফুৰাবলৈ নিয়াৰ প্ৰস্তাৱ প্ৰবক্তা আফ্তাফিজুৰ ৰহমানৰ। অনলাইন ক্লাছত অকলে নাচিবলৈ দিয়া ছাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বোকাখাতৰ (Bokakhat) ঐতিহ্যমণ্ডিত চন্দ্ৰনাথ বেজবৰুৱা কলেজৰ ছাত্ৰ-ছাত্ৰীসকল।
‘পৰ্ণ চাই পাইছানে’- বুলি দ্বাদশ শ্ৰেণীৰ ছাত্ৰীলৈ মেছেজ দিয়ে প্ৰৱক্তাই। ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়ে এইজন শিক্ষকে। এই নিৰ্লজ্জ কাণ্ডৰে বোকাখাতৰ ঐতিহ্যমণ্ডিত চন্দ্ৰনাথ বেজবৰুৱা কলেজত কালিমা সানিলে এগৰাকী ইংৰাজী বিভাগৰ শিক্ষকে।
গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত যৌনতাৰ প্ৰৱেশ কৰোৱাৰ অপচেষ্টা শিক্ষকৰ। ইংৰাজী বিভাগৰ প্ৰবক্তা আফ্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ অভিযোগ। যাৰ পিছতে প্ৰৱক্তাৰ বিৰুদ্ধে প্ৰতিবাদ মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীৰ।
ছাত্ৰীক যৌনগন্ধী মেছেজ (Sexual Message) দিয়াৰ অভিযোগ প্ৰবক্তাজনৰ বিৰুদ্ধে। কেৱল মেছেজ দিয়াই নহয়, ছাত্ৰীক ১ দিনৰ বাবে ডিচেম্বৰ মাহত ফুৰিবলৈ লৈ যোৱাৰো দিয়ে প্ৰস্তাৱ। মেছেজ কৰা ফটো প্ৰমাণ সহকাৰে দাঙি ধৰে ছাত্ৰীগৰাকীয়ে।
ইফালে ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰী গৰাকীয়ে।
Photo: Khatang Khobor & NK TV
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/five-of-a-family-died-in-a-road-accident-in-dhanbad/4622/
Discussion about this post