নগাঁৱৰ ধিঙত পুনৰ পোহৰলৈ আহিছে বিজেপি নেতাৰ দুষ্কাৰ্য। স্বামী ঘৰত নথকাৰ সুযোগত নিশা ঘৰত সোমাই বলপূর্বকভাৱে ধৰ্ষণ কৰিলে এগৰাকী মাতৃ বয়সীয়া মহিলাক। এই ঘটনাটো সংঘটিত হৈছে ধিঙৰ ৰজাবাৰীত।
এইজন ধৰ্ষণকাৰী তথা দালালৰূপী দুলাল উদ্দিন নামৰ বিজেপি নেতাজনে একে গাঁৱৰে এগৰাকী মহিলাক ধৰ্ষণ কৰে দেওবাৰে নিশা। মহিলাগৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ এই কাণ্ড সংঘটিত কৰে এই দুলাল উদ্দিন নামৰ লম্পটটোৱে।
ঘটনাৰ সংঘটিত হোৱাৰ কিছু সময়ৰ পিছত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ-চুবুৰীয়া আহি উপস্থিত হয় যদিও পলাই সাৰিবলৈ সক্ষম হয় লম্পট দুলাল উদ্দিন।
ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে পলাতক হৈ থকা দুলাল উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
ধৰ্ষণকাৰীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ডুমডুমীয়া আৰক্ষীক। আনহাতে বিজেপি নেতাৰূপী দুলাল উদ্দিন বিভিন্ন দুৰ্ণীতিৰ লগতে হত্যাৰ গোচৰটো অভিযুক্ত বুলি জানিব পৰা গৈছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post