এশ গৰু মাৰিলে বাঘৰো মৰণ, কথাষাৰ সঁচা। চোৰ বিদ্যা মহা বিদ্যা যদিহে নপৰে ধৰা, বেচেৰাৰ কপাল বেয়া, ভাগ্যই সংগ নিদিলে আজি।
এটা দুৰ্ধৰ্ষ চোৰ (Thief)। যাৰ বাবে এই বৃহৎ অঞ্চলৰ মানুহে নিজৰ মৰমলগা বাইক খন অলপ সময়ৰ বাবে থৈ, বজাৰ কৰিব যাব নোৱাৰে বা অফিচৰ সন্মুখত থৈ অফিচৰ ভিতৰত যাব নোৱাৰে, নামটো ভাল ” সৰিফ উদ্দিন, কিন্তু কামত সৰিফ নহয়। পেচাত এটা বাইক চোৰ (Bike Thief)।
ঘটনাৰ বিৱৰণী মতে সোমবাৰে দুপৰীয়া প্ৰায় ২ বজাত বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ বজাৰত AS 26- B 0868 নম্বৰৰ বাইক খন বিলাসীপাৰা অভিমুখে তীব্ৰ বেগত আহি ফকিৰাগ্ৰাম অভিমুখে গৈ থকা অইন এখন বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত বাইক এৰি পলায়ন কৰিবলৈ ধৰোতে উৰহি গছৰ ওৰ ওলাল, পিছত ৰাইজে গম পালে সেই বাইকৰ চালক জন এটা চোৰ, আৰু চলাই লৈ অহা বাইক খনো চোৰ কৰি লৈ অহা, পিছত ৰাইজে কৰায়ত্ত কৰি লক্ষীগঞ্জ উপ আৰক্ষী চকীত সোমজাই দিয়ে ! চোৰটোৱে ইয়াৰ আগত ৫, ৬খন বাইক চোৰ কৰা আৰু ইয়াৰ আগতে বঙাইগাঁৱৰ পৰা বাইক চোৰ কৰি জেললৈ গৈছে বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।
উল্লেখযোগ্য কথাটো হ’ল চোৰ কৰা বাইক সমূহ ধুবুৰী জিলাৰ আলমগঞ্জৰ ওচৰৰ কোনোবা এজন সৰবৰাহকাৰী লোকৰ ওচৰত হস্তান্তৰ কৰে বুলি সাংবাদিকৰ জেৰাত উল্লেখ কৰিছে!
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post