চৰকাৰী কাৰ্যালয়সমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে (Fight Against Corruption) অব্যাহত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান (Directorate Of Vigilance & Anti-Corruption)। লগতে ৰাজ্যত এতিয়া চাৰিওফালে চলিছে ঘোচ (Bribe) লোৱাৰ অঘোষিত প্ৰতিযোগিতা। ঘোচ (Bribe) লৈ হাত-লোটে ধৰা পৰিছে ইজনৰ পিছত আনজন চৰকাৰী বিষয়া। এইবাৰ ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক।
বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰক (Registrar Sri Guru Prasad Khataniar) গ্ৰেপ্তাৰ (Arrest) কৰে দুৰ্নীতি নিবাৰক শাখাই (Directorate Of Vigilance & Anti-Corruption)। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ (Bhattadev University Pathsala) পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ।
Our fight against corruption continues. Today, a team of @DIR_VAC_ASSAM caught red-handed Sri Guru Prasad Khataniar, Registrar, Bhattadev University, Pathsala, District – Bajali with accepted bribe money. Further Lawful action is being taken. @assampolice @CMOfficeAssam pic.twitter.com/s8beGori1y
— GP Singh (@gpsinghips) August 6, 2022
বুধবাৰেও সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল এগৰাকী বন বিষয়াক (Forest Officer Arrest)। ভিজিলেঞ্চৰ দলে গ্ৰেপ্তাৰ কৰা বন বিভাগৰ বিষয়াজনৰ নাম আছিল দেৱব্ৰত গগৈ। বিষয়াগৰাকী কাছাৰ জিলাৰ (Cacher District) লক্ষীপুৰত (Lakhipur) ৰেঞ্জাৰ হিচাপে কৰ্মৰত আছিল।
Photo: Khatang Khobor
Published BY: Dulu Medhi
Discussion about this post