উত্তপ্ত বটদ্ৰৱা আৰক্ষী থানা। বটদ্ৰৱাৰ বোৱাৰী নৱনীতা মহন্তৰ হত্যাকাৰীক ফাঁচীৰ দাবী তুলি বটদ্ৰৱা আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিলে বটদ্ৰৱাৰ মহিলাসকলে।
হত্যাকাৰীক ফাঁচীৰ দাবী তুলি হাতে-হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে বটদ্ৰৱাৰ আকাশ পাতাল কঁপাই তোলে মহিলাসকলে।
নৱনীতা মহন্ত নামৰ বটদ্ৰৱা সৰুহিছাৰ বোৱাৰীগৰাকীক দুদিন পূৰ্বে নিজৰ স্বামীৰ পৰিয়ালে মুমূৰ্ষ অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ লৈ গৈছিল আৰু চিকিৎসালয়ত চিকিৎসকে বোৱাৰীগৰাকীক মৃত বুলি ঘোষণা কৰিছিল।
ইফালে স্বামী পৰিয়ালে অতি কৌশলেৰে বোৱাৰীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে বুলি চৰাইদেউত থকা নৱনীতাৰ মাতৃ গৃহত ফোনযোগে অৱগত কৰিছিল।
অতি ৰহস্যৰ বিষয় যে, উক্ত সমগ্ৰ ঘটনাৰ বিষয়ে স্বামী মৃগাংক মহন্তৰ পৰিয়ালে, আৰক্ষী, গাঁওবুঢ়া, আনকি ওচৰ-চুবুৰীয়াক অৱগত কৰা নাছিল।
পৰৱৰ্তী সময়ত মহিলাৰ মৃতদেহ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা লৈ আনিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে সন্দেহ প্ৰকাশ কৰি বটদ্ৰৱা আৰক্ষীক খবৰ দিছিল।
বটদ্ৰৱা আৰক্ষীয়ে তৎপৰতাৰে বোৱাৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।
পিছত নৱনীতাৰ মাতৃগৃহৰ পৰিয়ালৰ লোক শিৱসাগৰ চৰাইদেউৰ পৰা বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ উক্ত ঘটনাক এক হত্যাকাণ্ড আখ্যা দি মৃগাংক মহন্তৰ লগতে পৰিয়ালৰ আন তিনিজন সদস্যৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
বটদ্ৰৱা আৰক্ষীয়ে মৃগাংক মহন্তক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও বাকী তিনিজন আচামীক ৰহস্যজনক বাবে আটক কৰা নাছিল। যাৰ ফলত আজি বটদ্ৰৱাৰ মহিলাসকলে হত্যাকাৰীক ফাঁচীৰ দাবী তুলি হাতে-হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে এনেদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post