সৰভোগৰ (Sorbhog) বেঁকী নৈৰ দলঙত অগ্নিদগ্ধ এগৰাকী যুৱতী আৰু যুৱক। জন্মদিনৰ কেক কাটিবলৈ যাওতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি স্বীকাৰোক্তি যুৱকৰ। বৰপেটাৰ (Barpeta) সৰভোগৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বেঁকী নৈৰ দলঙত যোৱা নিশা অগ্নিদগ্ধ হয় এগৰাকী যুৱতী। যুৱতীগৰাকী সৰভোগৰ ছায়াস্মিতা অধিকাৰী(২০) বুলি জানিব পৰা গৈছে।
যুৱতীগৰাকীয়ে জাজদিয়া উপাধিৰ এজন যুৱকৰ সৈতে বেঁকীৰ পাৰলৈ আহিছিল ৷ তেওঁলোকৰ লগত সেই সময়ত নৱজিৎ দাস নামৰ আন এজন যুৱকো উপস্থিত আছিল।
তেওঁলোকে দিয়া স্বীকাৰোক্তি অনুসৰি,জন্মদিনৰ কেক কাটিবলৈ লওঁতে এই অগ্নিকাণ্ড (Fire) সংঘটিত হয় ৷ এই ঘটনাত যুৱতীগৰাকীৰ লগতে তেওঁৰ লগত থকা জাজদিয়া উপাধিৰ যুৱকজনো অগ্নিদগ্ধ হয়। কিন্তু পিছত সাংবাদিকৰ সোধা-পোছাত যুৱকজনে নিজৰ গাত পেট্ৰ’ল ঢালি জুই লগাই দিয়াৰ কথা স্বীকাৰ কৰে। এই জুই নুমুৱাবলৈ গৈ যুৱতীগৰাকীও অগ্নিগদ্ধ হয়।
বৰ্তমান যুৱতী গৰাকী আৰু যুৱকজন বৰপেটা মেডিকেল কলেজত (Barpeta Medical College) চিকিৎসাধীন হৈ আছে। বৰপেটাৰ আৰক্ষীয়ে (Barpeta Police) ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post