বিগত কিছু দিনত অসমৰ বহু যুৱক-যুৱতীয়ে ঢাপলি মেলিছে সশস্ত্ৰ সংগ্ৰামৰ বাটেৰে। সংস্থাপনহীনতা, চৰকাৰৰ ভুল নীতি, জীৱন ধাৰণৰ অনুন্নত পৰিস্থিতিৰ বাবে বিগত সময়ছোৱাত অসমৰ ভিন্ন প্ৰান্তৰ বহু চফল যুৱক-যুৱতীয়ে আলফা স্বাধীনত (Ulfa-I) যোগ দিয়াৰ খবৰ প্ৰকাশ পাইছে।
সেই একে সময়তে এইবাৰ ছচিয়েল মিডিয়াত (Social Media) আলফা (স্বা)ত (Ulfa-I) যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ (Youth Arrest) হ’ল এজন যুৱক। ছচিয়েল মিডিয়াত এটা নিউজ লিংক শ্বেয়াৰ কৰি আলফাত যোগ দিয়াৰ আগ্ৰহ প্ৰকাশ কৰি লিখিছি- ‘Good Job, I Ready Joining plzzzz Address Give এতিয়া বাপ্পা কুমাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে।
ধৃত বাপ্পা কুমাৰৰ ঘৰ হৈছে শিলচৰৰ (Silchar) ইটাখলাত। দুদিন পূৰ্বে যুৱকজনে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে আলফা (স্বা)ত (Ulfa-I) যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল। বাপ্পাৰ এই পোষ্ট অসম আৰক্ষীৰ চাইবাৰ চেলৰ চকুত পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক।
উল্লেখ্য বাপ্পা কুমাৰে শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ (Assam Police) কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল। তেওঁ শাৰিৰীক পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও লাভ কৰা নাছিল লিখিত পৰীক্ষাৰ সুযোগ। লিখিত পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ সময়ত বাপ্পাৰ লগতে আন কেইবাগৰাকীও যুৱকে মুখ্যমন্ত্ৰীৰ সন্মুখত বিক্ষোভো প্ৰদৰ্শন কৰিছিল।
Photo: Facebook
Discussion about this post