এনেই কোৱা নহয় যে মানুহে যিও কৰ্ম কৰে সেই ফল হয়তো লগে লগে লাভ কৰে নহ’লে পলমকৈ হ’লেও লাভ কৰে। কিন্তু বৰপেটাৰোডৰ (Barpeta Road) শিমলাগুৰীত (Simaluguri) সংঘটিত এটা ঘটনাই প্ৰমাণ কৰিলে যে মানুহে ভুল কাম কৰিলে তাৰে ফলো সেইধৰণে লাভ কৰে।
দুটা চিলনী চোৰে (Thief) এগৰাকী মহিলাৰ টকাৰ বেগ টানি বাইকেৰে তীব্ৰগতিত পলায়ন কৰিবলৈ লওতেই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে (Thieves Bike Colided Electricity Post) ৷ ফলত এটা চিলনী চোৰৰ থিতাতে মৃত্যু ঘটে (One Thief Died) ৷ নিহত চিলনী চোৰটোৰ নাম আমিৰ গোৱালা বুলি জানিব পৰা গৈছে ৷ নিহত আমিৰ গোৱালাৰ ঘৰ বিহাৰৰ কিষানগঞ্জত ৷ বাইকখনত থকা আনটো চোৰ ৰোহিত সিং গুৰুতৰভাবে আহত হয় (One Thief Injured) ৷ আহত ৰোহিত সিঙক সংকটজনক অৱস্থাত ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ (Barpeta Medical College) প্ৰেৰণ কৰে ।
কিন্তু মূৰ আৰু নাকমুখেৰে তেজ নিৰ্গত হোৱা চোৰটোক বৰপেটা মেডিকেল কলেজলৈ নিয়াৰ বাবে চিকিৎসকে পৰামৰ্শ দিয়াৰ পিছতো প্ৰায় দুঘণ্টা সময় ধৰি আৰক্ষীৰ কোনো বিষয়া চিকিৎসালয়ত উপস্থিত নোহোৱাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত চোৰটো বৰপেটাৰোডৰ চিকিৎসালয়তেই পৰি থাকিবলগীয়া হয় ৷ প্ৰায় তিনি ঘণ্টা পিছত আৰক্ষী বিষয়া উপস্থিত হোৱাতহে গুৰুতৰভাবে আহত চিলনী চোৰটোক 108ৰে বৰপেটালৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য শিমলাগুৰীৰ কলবাৰী গাৱঁৰ দুগৰাকী মহিলাই আত্মসহায়ক গোটৰ ৫০ হাজাৰ টকা বৰপেটাৰোডৰ বেংক অৱ ইণ্ডিয়াৰ পৰা উঠাই ই-ৰিক্সাৰে কলবাৰীৰ নিজ গৃহলৈ গৈ থকা সময়ত চিলনী চোৰ দুটাই মাজৰাস্তাত ই-ৰিক্সা ৰখাব দি মহিলাগৰাকীৰ পৰা টকাৰ বেগখন থাপ মাৰি লৈ AS-01-EJ-9881
নম্বৰৰ বাইকেৰে তীব্ৰ গতিত পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও কিছুদূৰ অহাৰ পিছত শিমলাগুৰীৰ পথৰ দাঁতিত থকা বিদ্যুতৰ এটা খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় চোৰটো ৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মহিলাদুগৰাকীয়ে বেংকৰ পৰা ৫০ হাজাৰ উঠাই টকাখিনি ৰুমালেৰে মেৰিয়াই নিজৰ লগতে ৰাখিছিল ৷ চিলনী চোৰ দুটাই
বেগত টকা থকা বুলি সন্দেহ কৰি বেগখন টানিছিল যদিও বেগখনত নাছিল টকাখিনি ৷ টকা নথকা বেগ টানি বৰপেটাৰোডত জীৱন হেৰুৱালে এটা চোৰে ৷
Photo & Input: ৰবিউল ইছলাম
Published BY: Dulu Medhi
Discussion about this post