Attack on Actor Saif Ali Khan :
বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷ বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷
তথ্য মতে, চুৰিৰ উদ্দশ্যেৰে মুম্বাইস্থিত তেওঁৰ ঘৰটোত প্ৰৱেশ কৰিছিল আক্ৰমণকাৰীয়ে ৷
৫৪ বছৰীয়া অভিনেতাজনৰ দেহত ‘ছটা ছুৰীকাঘাত’ পোৱা গৈছে যাৰ ভিতৰত ‘দুটা গভীৰ’, লীলাৱতী চিকিৎসালয়ৰ চিকিৎসকে এটা নিউজৱায়াৰক এইদৰে কয় । লীলাৱতী চিকিৎসালয়ৰ চিঅ’অ’ ডাঃ নিৰজ উত্তমণীয়ে কৈছে যে ছৈফক এজন অচিনাক্ত ব্যক্তিয়ে তেওঁৰ বান্দ্ৰাৰ ঘৰত ছুৰীৰে আঘাত কৰে আৰু পুৱা ৩.৩০ বজাত ছৈফক (Actor Saif Ali Khan) হাস্পতাললৈ অনা হয় । উত্তমণীয়ে কৈছে যে ছৈফৰ শৰীৰত ছটাকৈ ছুৰীকাঘাত আছে আৰু তাৰে দুটা আঘাত গভীৰ । “এটা আঘাত মেৰুদণ্ডৰ ওচৰত ।
অভিনেতাজন তেওঁৰ শোৱনি কোঠাত শুই আছিল আৰু সাৰ পাই শুনে যে তেওঁৰ সেৱকসকলে এজন অচিনাকী অনুপ্ৰৱেশকাৰীক চিঞৰি আছে । সেই সময়তে ছৈফ বাহিৰলৈ ওলাই আহি অচিনাকি লোকজনৰ সৈতে কাজিয়াত লিপ্ত হয় । হতাহতিৰ সময়তে আক্ৰমণকাৰীজনে এখন ছুৰী উলিয়াই খানক আক্ৰমণ কৰে ৷ ছুৰীৰে আক্ৰমণৰ কৰাৰ পিছত ছৈফৰ কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে আৰু পৰিস্থিতিৰ সুযোগ লৈ আক্ৰমণকাৰী পলাই যায় ।
তেওঁক নিউৰ’ছাৰ্জন ডাঃ নীতিন ডাংগে, কছমেটিক ছাৰ্জন ডাঃ লীনা জৈন, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ নিশা গান্ধীৰ নেতৃত্বত চিকিৎসকৰ এটা দলে অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷” বৰ্তমান অভিনেতাজনৰ অৱস্থা স্থিৰ ।
আক্ৰমণৰ ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত, বান্দ্ৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বৰ্তমানে তদন্ত চলি আছে ।
Discussion about this post