ৰাজ্যত অব্য়াহত দুৰ্নীতি নিবাৰকৰ (Directorate Of Vigilance & Anti-Corruption) অভিযান। এইবাৰ আটক হ’ল এজন আৰক্ষী বিষয়া (ASI Gopal Doley Arrest)। নিকা আৰক্ষীৰ কৈ থকাৰ সময়তে সংঘটিত হয় এই ঘোচ লোৱা ঘটনা (Bribe Case)। এই ঘটনাটো সংঘটিত হৈছে তামুলপুৰৰ (Tamulpur) দৰঙামেলা আৰক্ষী চকীত। ঘোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী ASI বিষয়া।
আৰক্ষীয়ে আটক কৰা আৰক্ষী বিষয়াজনৰ নাম গোপাল দলে। শনিবাৰে এজন যুৱকৰ পৰা কোনো কাৰণত ঘোচ লৈ ধৰা পৰে আৰক্ষী বিষয়াগৰাকী।
ভাৰত-ভূটান সীমান্তৰ এগৰাকী যুৱকৰ পৰা লৈ ধনলোৱা অৱস্থাত হাতে লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাই।
ASI Gopal Doley of Darranga Outpost District Tamulpur has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for facilitating movement of complainants vehicles. @assampolice @CMOfficeAssam pic.twitter.com/TqDPaMLIbe
— GP Singh (@gpsinghips) September 10, 2022
ভুক্তভুগীৰ পৰা ২০ হাজাৰ টকা বিচাৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে। সেই ২০ হাজাৰ টকাৰেই আগধন হিচাপে ৭ হাজাৰ টকা লওতেই হাতে-লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শখাই।
কিছুদিন পূৰ্বেও তামুলপুৰ বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰাও ধন লওতে এগৰাকী বিষয়াক হাতে-লোটে আটক কৰিছিল দুৰ্নীতি নিবাৰক শাখাই (Directorate Of Vigilance & Anti-Corruption)।
Photo: Twitter
Discussion about this post