বৰপেটা (Barpeta) জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে হানী সিং (Honey Singh)। চাইকেল চুৰি (Cycle Thief) কৰি আৰক্ষীৰ জালত পৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰেমাৰী গাঁৱৰ নুৰবক্স আলীৰ পুত্ৰ ছফিকুল আলী ওৰফে হানী সিং(২৩)।
উল্লেখ্য শুকুৰবাৰে পশ্চিম মাজদিয়া চ’ক বজাৰৰ পৰা কৰিম আলী নামৰ এজন যুৱকৰ পৰা চাইকেল চুৰি কৰোতে স্থানীয় ৰাইজে হাতে-লোটে আটক কৰি মাজদিয়া আৰক্ষীক গতাই দিয়ে হানী সিঙক।
ধৃত চোৰটো অঞ্চলটোত হানী সিং বুলি পৰিচিত। ড্ৰাগছ আসক্ত যুৱক হানী সিঙে নিষিদ্ধ ড্ৰাগছ ক্ৰয়ৰ বাবে চুৰি কাৰ্যত লিপ্ত হোৱা বুলি সাংবাদিকৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে।
চাইকেল চুৰি সন্দৰ্ভত কৰিম আলীয়ে মাজদিয়া আৰক্ষী চকীত ছফিকুল আলী ওৰফে হানী সিঙৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু হোৱা ৪৩৯/২১ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৭৯ ধাৰাৰ অধীনত শনিবাৰে ছফিকুল আলী ওৰফে হানী সিঙক বৰপেটা আদালতত হাজিৰ কৰাই বুলি জানিবলৈ দিয়ে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে। আদালতে ধৃত চফিকুল আলীক জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
Photo & Input: ৰবিউল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/jorhat-fire-cafe-slogan-guts-fire-in-assam/4222/
Discussion about this post