শাৰীৰিক সম্পৰ্ক (Sex) কৰাৰ পিছত এগৰাকী মহিলাই তেওঁৰ সংগীক ডিঙিত লাগি থকা চেইনেৰে ডিঙি চেপি হত্যা কৰিলে (America Women Decapitated Her Partner)। কেৱল সেয়াই নহয় মহিলাগৰাকীয়ে প্ৰেমিকৰ শৰীৰটো কেইবাটাও টুকুৰাত কাটি পেলাইছিল। প্ৰেমিকৰ মূৰটো বাল্টিত ঢালি থৈ দিয়ে। আৰু শৰীৰৰ আন অংশবোৰ বিভিন্ন ঠাইত লুকুৱাই ৰাখিছিল। ইয়াৰ পূৰ্বে প্ৰেমিক-প্ৰেমিকাই ড্ৰাগছ সেৱন কৰিছিল। ঘটনাটো সংঘটিত হৈছে আমেৰিকা (America) যুক্তৰাষ্ট্ৰৰ Wisconsin ৰাজ্যত। এগৰাকী ২৪ বছৰীয়া মহিলাক গ্ৰীণ বে চিটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত মহিলাগৰাকীক টেইলৰ এছ বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ বিৰুদ্ধে ইচ্ছাকৃতভাবে হত্যা, শৰীৰটোক বেয়াকৈ নষ্ট কৰা আৰু থাৰ্ড ডিগ্ৰী যৌন নিৰ্যাতনৰ (Sexual Harrasment) গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে গ্ৰীণ বেৰ এটা ঘৰৰ পৰা ভুক্তভোগীৰ মৃতদেহটো বিচাৰি পাইছিল। চোৰাংচোৱা আৰক্ষীয়ে কৈছিল যে টেইলৰক শেষবাৰৰ বাবে ভুক্তভোগীৰ সৈতেই দেখা গৈছিল। আৰক্ষীয়ে কৈছিল যে যেতিয়া তেওঁলোকে মহিলাগৰাকীক প্ৰথমবাৰৰ বাবে দেখিছিল, তেতিয়া তেওঁৰ কাপোৰ আৰু হাত তেজেৰে লোট-পুত হৈ আছিল। অভিযোগ অনুসৰি, যেতিয়া আৰক্ষীয়ে টেইলৰৰ গাড়ীত তালাচী চলাইছিল, তেওঁলোকে ভুক্তভোগীৰ ভৰি আৰু শৰীৰৰ আন কেইবাটাও অংশও পাইছিল।
প্ৰাপ্ত অভিযোগ অনুসৰি ঘটনাস্থলীত ড্ৰাগছৰ ব্যৱহাৰ আৰু তেজ চাফা কৰাৰ প্ৰমাণো পোৱা গৈছে। টেইলৰে আৰক্ষীক কৈছিল যে তাই নিচাত আছিল। আৰক্ষীয়ে কোৱা অনুসৰি মহিলাগৰাকীয়ে মৃত যুৱকৰ সৈতে Methamphetamine নামৰ ড্ৰাগছ সেৱন (Drugs) কৰিছিল। তাৰ পিছত মৃত যুৱকজনে নিজৰ ডিঙিত চেইন বান্ধিছিল আৰু দুয়োয়ে শাৰীৰিক সম্পৰ্ক কৰিছিল। পিছত, মহিলাগৰাকীয়ে নিচাৰ বাবে তেওঁৰ সংগীক হত্যা কৰিছিল।
Photo: Google




























Discussion about this post