কৰ্মসংস্থাপন দিয়া প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি বলপূৰ্বকভাৱে নাজিৰাৰ যুৱকক কৰোৱালে লিংগ পৰিবৰ্তন ৷ খাটাং খবৰৰ ওচৰত ভুক্তভোগীৰ বিস্ফোৰক মন্তব্য।
কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে নাজিৰা এজন যুৱকক বলপূৰ্বকভাৱে লিংগ পৰিৱৰ্তনৰ দৰে জঘন্য ঘটনা পোহৰলৈ আহিছে নাজিৰাত ৷
নাজিৰাৰ মাইনা গগৈৰ নামৰ যুৱকজনক শিৱসাগৰ তৃতীয় লিংগৰ এটা চক্ৰই কাম কৰাৰ প্ৰলোভনেৰে উত্তৰপ্ৰদেশলৈ লৈ যায় ৷
ইয়াৰ পিছত পুনৰ যুৱকজনক চক্ৰটোৱে দিল্লীলৈ নি নাজিৰাৰ মাইনা গগৈক ভেকচিন দি অচেতন কৰি বলপূৰ্বকভাৱে চিকিৎসালয়ত লিংগ সলনি কৰে বুলি মাইনা গগৈয়ে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
এই তৃতীয় লিংগৰ চক্ৰটোৰ সৈতে জড়িত লোককেইজনে বাচি লয় দৰিদ্ৰ পৰিয়ালৰ লোকসকলক আৰু চাকৰিৰ প্ৰলোভন দিয়ে দৰিদ্ৰ পৰিয়ালৰ লোকসকলক।
এই চক্ৰটোৰ সৈতে জড়িত লাকী দাস ওৰফে লোহিত দাস, ৰিংকী দাস ওৰফে ৰিংকু দাস, চানিয়া আলী ওৰফে পাপু আলী, মাধৱী দাস ওৰফে মাধৱ দাস, প্ৰিয়া বাচপুত ওৰফে ৰাজা বাচপুত, মীনা দাস, লখিমপুৰৰ ৰিংকী দাস। মীনা দাস, লখিমপুৰৰ ৰিংকী দাসৰো আছে একো একোটা প্ৰকৃত নাম।
মাইনা গগৈও অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান। মাইনা গগৈয়ে উল্লেখ কৰা অনুসৰি তেওঁৰ দৰে আন বহুকেইজন যুৱকক বলপূৰ্বকভাৱে লিংগ সলনি কৰি আহিছে এই চক্ৰটোৱে। আনকি চক্ৰটোৱে বলপূৰ্বক লিংগ পৰিৱৰ্তন কৰাই নাৰী দেহ ব্যৱসায়টো নিয়োগ কৰাই।
মাইনা গগৈৰ ভাষ্য-
৫ দিন পূৰ্বে নাজিৰাৰ এইগৰাকী ভুক্তভোগী মাইনা গগৈ নিজা বাসগৃহলৈ পলায়ন কৰি আহিছে। ইতিমধ্য চানিয়া আলী ওৰফে পাপু আলী আৰু মাধৱী দাস ওৰফে মাধৱ দাসে ফোন যোগেৰে ভাবুকি দিয়া কল ৰেৰ্কডিং আহি পৰিছে সংবাদ মাধ্যমৰ হাতত।
আনহাতেনাজিৰাৰ মাইনা গগৈ নামৰ এগৰাকী কিন্নৰৰ বিৰুদ্ধে গোচৰ ৰুজু শিৱসাগৰ সদৰ থানাত কিন্নৰৰ গুৰু আৰু শিষ্য দলৰ।
৩০ বছৰ ধৰি শিৱসাগৰত বাস কৰি জীয়াই থকা কিন্নৰৰ গুৰু মীনা বৰ্মন আৰু শিষ্য দলক ভাবুকি প্ৰদান কৰাৰ অভিযোগ নাজিৰাৰ মাইনা গগৈ নামৰ এগৰাকী কিন্নৰৰ বিৰুদ্ধে।
এজাহাৰত ভিত্তিত উল্লেখ কৰামতে কিছুদিনৰ পূৰ্বে নাজিৰাৰ ন-নমাটিৰ মাইনা গগৈয়ে লিংগ পৰিবৰ্তন কৰি আহিছে। নাজিৰাৰ ন-মাটি কিন্নৰ মাইনা গগৈয়ে তেওঁলোকৰ এলেকা দখল কৰাৰ উদ্দেশ্যে কিন্নৰ গুৰু মীনা বৰ্মন আৰু তেওঁৰ শিষ্য সকলক ভয় ভাবুকি প্ৰদান কৰাৰ উপৰিও বাটে পথে লগ পালে কিন্নৰ গুৰু আৰু শিষ্য সকলক এচিড ঢালি দিয়াৰ ভাবুকি দিয়াৰ লগতে ৩০ হাজাৰ টকা মাহিলী আদায় দিয়াৰো ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰিছে।
এই দৰে ১০ জনীয়া কিন্নৰ শিষ্য আৰু গুৰু মীনা বৰ্মনৰ দলে অভিযোগৰ প্ৰতি অভিযোগ দাখিল কৰিছে, শিৱসাগৰৰ থানাত। এই সম্পূৰ্ণ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ সঠিক তদন্তৰ পিছত হে স্পষ্ট হ’ব সমগ্ৰ বিষয়টো।
ইতিমধ্যে মাইনা গগৈয়ে নাজিৰা আৰক্ষীৰ আৰু মীনা বৰ্মন গুৰু আৰু ১০ জনীয়া দলে শিৱসাগৰ আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷
Photo & Input: ফৰিদ আলী
Discussion about this post